নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলবাৰীত ৪ ফেব্ৰুৱাৰীত সদৌ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ১৬সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু মৰিগাঁও জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখন অহা ৪ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ দলবাৰী খেলপথাৰত অনুষ্ঠিত হ’ব।

অধিৱেশন উপলক্ষে আজি জাতীয় পৰম্পৰাৰে প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। জিলা সদৰৰ পৰা মাত্ৰ 2 কিঃমিঃ দূৰত অৱস্থিত দলবাৰী যুৱ কল্যাণ সংঘৰ বিশাল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে।

ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথিসকলক আদৰিবলৈ সাজু হৈছে। আজি লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন, ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি মুন আলী ঠাকুৰীয়া,সমাজকৰ্মী মহেশ বৰা,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃ সম্পাদক আহচানুল হক,মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলী, সম্পাদক আৰিফ উদ্দিন আহমেদকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

লাইখুঁটা স্থাপন কৰাৰ পিছতেই উপস্থিত ৰাইজে শংকৰ আজানৰ মিলনভূমি অসম ভূমিত প্ৰতিটো জনগোষ্ঠীৰ লোকৰ উন্নতি, শান্তি, সম্প্ৰীতি আৰু এটা সুস্থিৰ পৰিৱেশৰ বাবে নেদেখাজনৰ ওচৰত দুহাত উঠাই প্ৰাৰ্থনা কৰে। উল্লেখ্য যে অধিৱেশনৰ মুকলি সভাত অসমৰ কেইবাগৰাকী বৰেণ্য ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে।

You might also like