সাহিত্যিক উপেন্দ্ৰনাথ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান
অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আজি, সু- সাহিত্যিক, সাহিত্য সমালোচক উপেন্দ্ৰ বৰকটকীক তেওঁৰ নগাঁও চহৰৰ ৰত্নপুৰস্থিত নিজা বাসভৱনত অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে প্ৰদান কৰে।
অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলে সাহিত্যিক গৰাকীক আনুষ্ঠানিকভাবে এই সন্মান প্ৰদান কৰে। এই সন্মান প্ৰদান কৰি সভাৰ উপসভাপতি পদুম ৰাজখোৱাই কয় যে “সমাজৰ যিসকল গুণী ব্যক্তিয়ে নিজৰ কৰ্ম আৰু সৃষ্টিৰে অসমীয়াজাতীয় জীৱনক সমৃদ্ধ কৰিছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে, তেওঁলোকক এটা স্বীকৃতি দিয়া, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা আদি কামবোৰ সকলোৰে এটা সামাজিক দায়িত্ব।
বৰেণ্য সাহিত্যিক ,কৃতবিদ্য পুৰুষক সন্মান জনোৱাটো অসম সাহিত্য সভাই এক দ্বায়িত্ব হিচাপে গণ্য কৰি আহিছে। আজি সেই দায়িত্ব পালন কৰিয়েই বিশিষ্ট সাহিত্যিক, চিন্তাবিদ উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ ২০২৫-২৬ বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰা হৈছে।
এই সন্মান প্ৰদান কৰি অসম সাহিত্য সভা গৌৰৱান্বিত হৈছে। সাহিত্যিকগৰাকীৰ নগাঁও ৰত্নপুৰৰ বাসগৃহলৈ আহি আমি পৰম আহ্লাদেৰে তেওঁৰ কৰকমলত সেই সন্মান তুলি দিছোঁ আৰু ভগৱানৰ শ্ৰীচৰণত তেওঁৰ সৰ্বময় কল্যাণ প্ৰাৰ্থনা কৰিছোঁ।”
সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে এই সন্মান সাহিত্য সভাৰ সন্মান ,জাতিৰ সন্মান আৰু সমাজৰ সন্মান। আজি সাহিত্যিক গৰাকীক এই সন্মান জনাবলৈ পাই মই ব্যক্তিগত ভাবে গৌৰৱ অনুভৱ কৰিছোঁ।
জাতিয়ে কৰিবলগীয়া এটা কাম, গুণী ব্যক্তিৰ প্ৰতি সন্মান জনোৱা কাম কৰিছে বুলি অনুভৱ কৰিছোঁ। দেৱজিৎ বৰাই আৰু কয় যে বৰকটকীয়ে অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিছে। লামডিঙৰ দৰে ঠাইত অসম সাহিত্য সভাৰ ধ্বজা উৰুৱাই ৰখাত এদিন মুখ্য ভুমিকা লোৱা এসময়ৰ সাংবাদিক বৰকটকীয়ে বিভিন্ন ধৰণৰে অসম সাহিত্য সভাক শক্তিশালী কৰিছে।
আজি তাৰেই স্বীকৃতি হিচাপে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান তেওঁলৈ আগবঢ়াব পাৰি সকলোৱে আনন্দ লাভ কৰিছ।এই সন্মান গ্ৰহণ কৰি সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় মই অতিশয় পুলকিত হৈছোঁ বুলি কব পাৰো। গৌৰৱান্বিত হৈছোঁ বুলিও কব পাৰো।
তেওঁ লগতে কয় যে মই সকলো ফালৰ পৰা অসমৰ স্নায়ুকেন্দ্ৰ গুৱাহাটীৰ দৰে ঠাই এৰি এখন পাণ্ডৱ বৰ্জিত ঠাইলৈ আহি ভালেমান বছৰলৈ নিস্বাৰ্থ ভাবে সাহিত্য সভাৰ হকে কাম কৰিছিলোঁ।
এতিয়া মই সাহিত্য সভাৰ কাম- কাজ কৰিব পৰা নাই যদিও সাহিত্য সভা বুলিলে মই সকলো কাম কৰিব পাৰো যেন অনুভৱ হয়। আজিৰ দিনটো মোৰ বাবে স্মৰণীয় দিন। এই দিনটোক মই কেতিয়াও পাহৰিব নোৱাৰো ।মই বিশ্বাস কৰো প্ৰতিটো ভাল কামৰ, নিস্বাৰ্থ ভাবে কৰা কামৰ স্বীকৃতি পোৱা যায়।
এই বুলিয়েই মই অনুভৱ কৰো বুলি বৰকটকীয়ে মন্তব্য কৰে। তেওঁ আৰু কয় যে অসম সাহিত্য সভাৰ সন্মান লাড কৰাটো পৰম সৌভাগ্যৰ বিষয়। এটা দীঘলীয়া সময় তেওঁ কৰা ভাল কামৰ ফল হিচাপেই যেন ভগবানে তেওঁক এই সন্মান দিছে।
বৰকটকীয়ে লগতে কয় যে অসম সাহিত্য সভাক লৈ মাজে মাজে বিতৰ্ক হয়। এই বিতৰ্কৰ পৰা বহু সভাপতি বাচি যাব পৰা নাই। এইবোৰ থাকিবই বুলি উল্লেখ কৰি তেওঁ কয় যে এবাৰ সাহিত্য সভাক দুভাগ কৰিবৰ বাবেও চেষ্টা চলোৱা হৈছিল। কিন্তু তাৰ মাজতো অসম সাহিত্য সভাই শিৰ উন্নত চলি আছে। আগলৈও থাকিব।
উল্লেখ্য যে ১৬ মেত গুৱাহাটীত অসম সাহিত্য সভাই আয়োজন কৰিছিল গাম্ভীৰ্যপূৰ্ণ সন্মান প্ৰদান অনুষ্ঠান। কিন্তু স্বাস্থ্যজনিত কাৰণত উপেন্দ্ৰ বৰকটকী সন্মান প্ৰদান অনুষ্ঠানলৈ যাব নোৱৰাত আজি অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোৱিন্দ কলিতা, কুঁহি উপ-সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱকুমাৰ হাজৰিকা,সাংগঠনিক সম্পাদক কুমুদ বৰা, অধৰ ঠাকুৰীয়া, কাৰ্যালয় সহায়ক দীপাংকৰ শইকীয়া কবি মনোজ কুমাৰ শৰ্মা সহ এটা সঁজাতি দলে বৰকটকীৰ ঘৰত উপস্থিত হৈ তেওঁক সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰে।
এই বটাঁত আছে গামোচা, ফুলাম জাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপট আৰু মানপত্ৰ। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে কিছু সময় অনুষ্ঠানত দূৰভাষযোগে উপস্থিত থাকি সাহিত্যিকগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।
বিশেষ বাৰ্তা, নগাঁও, ২৮ মে’