নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হল ধমধমাৰ অপুমণি

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত ধমধমাৰ এজন যুৱক গ্ৰেপ্তাৰ হবলগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত কালি ধমধমাৰ প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা অপুমনি ডেকাক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে৷ অপুমনি ডেকাৰ বিৰুদ্ধে অভিযোগ আনিছে অঞ্চলটোৰ এগৰাকী যুৱতীয়ে৷ একেলগে অধ্যয়ন কৰা অঞ্চলটোৰ এগৰাকী যুৱতীৰ সৈতে অপুমনিয়ে বজাই ৰাখিছিল প্ৰেমৰ সম্পৰ্ক৷ অৱশেষত যুৱতীগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অপুমণি ডেকাক৷ অভিযোগমতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধমধমা শাখাৰ প্ৰাক্তন সম্পাদক অপুমণি ডেকাই পাঁচ বছৰে যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰি বিবাহ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ পিচলৈ যুৱতীগৰাকীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ আনি যোৱা ২০ আগষ্টত যুৱতীগৰাকীয়ে অপুমণি ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ধমধমা আৰক্ষী চকীত৷ আৰক্ষীয়ে ১৭২/২৩ নম্বৰত গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডাবিধি আইনৰ ৪৯৩/৩৭৪/৫০৬ ধাৰাত আৰক্ষীয়ে অপুমণি ডেকাক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি নলবাৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰে৷ অৱশ্যে অপুমনি ডেকাৰ এই ঘটনাৰ মাজতো যোৱা সাত আগষ্টত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ধমধমা শাখাৰ সম্পাদকৰ পৰা নিজেই পদত্যাগ কৰে৷

প্ৰেৰক জেহেৰুল ইছলাম

You might also like