নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ : চন্দ্ৰযানত কৰ্মৰত তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

বিশেষ বাৰ্তা, ২৩ আগষ্ট: আজি এক বিশেষ দিন, কিয়নো কিছুসময়ৰ পাছতে সন্ধিয়া চন্দ্ৰত অৱতৰণ কৰিব ISROৰ চন্দ্ৰযান-৩য়ে আৰু এই সমগ্ৰ অভিযানৰ সাক্ষী হৈ আছে তিনিচুকীয়াৰ এগৰাকী বোৱাৰী নিধি শৰ্মা৷ নিধি শৰ্মাই ইয়াৰ পূৰ্বেও চন্দ্ৰযান-২ত জড়িত হৈ আছিল ৷ তিনিচুকীয়াৰ ন-পুখুৰী ৰাজাআলীৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী আৰু দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মা ৷ বেংগালুৰুৰ নিবাসী নিধি শৰ্মা আৰু দিবাকৰ দেৱৰ স’তে ২০১৯ চনত বিবাহ সম্পন্ন হয় তিনিচুকীয়াত। নিধিয়ে বিগত দহ বছৰৰ পৰা ISROত কৰ্মৰত হৈ আছে ৷ নিধি শৰ্মা বৰ্তমান ৫ মাহৰ সন্তানসম্ভৱা যদিও দিনক ৰাতি কৰি অশেষ কষ্ট কৰি আছে দেশবাসীৰ বাবে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ISROত অশেষ কষ্ট কৰিছে নিধিয়ে ৷ নিধি শৰ্মাৰ মাতৃ-পিতৃয়ে জানিব দিয়া অনুসৰি এটা সপ্তাহৰ পূৰ্বে ফোনত যোগাযোগ কৰিছিল আৰু সকলো ঠিকে আছে বুলি সদৰি কৰি এইবাৰ চন্দ্ৰযান-৩ য়ে চন্দ্ৰত সফলভাৱে অৱতৰণ কৰিব পাৰিব বুলি জানিব দিয়ে ৷
প্ৰেৰক বিবেক বড়া
You might also like