নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰৰাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ কৰৰাত কেইবাকোটি টকা ব্যয়সাপেক্ষে ষ্টেডিয়ামৰ কাম নিৰ্মাণ হৈ আছে। নিৰ্মাণৰত অৱস্থাত কালি ঘটে এক অঘটন। অভিযোগ অনুসৰি, জনৈক আৰ কে আগৰৱাল মালিকানাধীন নিৰ্মাণকাৰী সংস্থা পূজা এচোচিয়েটৰ কৰ্মচাৰীৰ  চূড়ান্ত হেমাহিৰ বাবে অকালতে  যুৱক এজনে প্ৰাণ হেৰুৱাবলগীয়াত পৰে। গোৱালপাৰাৰ বাজবাৰীৰ আকিবুল ইছলাম আলী নামৰ অবিবাহিত যুৱকজনৰ বিদুৎস্পৃষ্ট হৈ মৃত্যু হয়।  এই ঘটনাত অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। কাৰ ভুলৰ বাবে এই অঘটন সংঘটিত হ’ল, সেই বিষয়ে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত আহিছে।
প্ৰেৰক লক্ষী ডেকা
You might also like