নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক মামৰে ধৰা লোৰে ৰিজালে প্রধানমন্ত্রীয়ে

🔹 মধ্যপ্রদেশত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকীত বিজেপি কর্মকর্তাক সম্বোধন মোদীৰ
বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : ভাৰতীয় জনসংঘৰ সহঃ প্রতিষ্ঠাতা, বর্তমান ভাৰতীয় জনতা পার্টীৰ আদর্শ নেতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিজেপিশাসিত মধ্যপ্রদেশ আৰু কংগ্রেছশাসিত ৰাজস্থানৰ কার্যসূচীত অংশগ্রহণ কৰে৷ নির্বাচন অনুষ্ঠিতব্য মধ্যপ্রদেশ আৰু ৰাজস্থানৰ কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে বিৰোধী কংগ্রেছ দলৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে৷ মধ্যপ্রদেশৰ জাম্বৰি ময়দানত পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বিশাল সভা সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে৷ বিজেপিৰ কার্যকর্তাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে বিৰোধী কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিৰোধী কংগ্রেছক মামৰে ধৰা লোৰ সৈতে ৰিজাই প্রধানমন্ত্রী মোদীয়ে মধ্যপ্রদেশত যদি কংগ্রেছক পুনৰ ক্ষমতালৈ অহাৰ সুযোগ দিয়া হয়, তেতিয়াহ’লে মধ্যপ্রদেশ বেমাৰী ৰাজ্যত পৰিণত হ’ব বুলি কয়৷ কংগ্রেছৰ শাসনকালত ৰাজ্যসমূহত অপশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই দলটোৱে নিজকে সলনি কৰিবলৈ নিবিচাৰে, তেনেদৰে দেশকো সলনি হোৱাটো নিবিচাৰে৷ স্বাধীনতাৰ পিছত কংগ্রেছে মধ্যপ্রদেশক দীর্ঘদিন ধৰি শাসন কৰিলে৷ সমৃদ্ধিশালী ৰাজ্যখনক বেমাৰী ৰাজ্যত পৰিণত কৰিলে৷ কংগ্রেছৰ শাসনত আইন–শৃংখলাজনিত পৰিস্থিতি নিম্নগামী হোৱাটো ৰাজ্যৰ যুৱ সমাজে প্রত্যক্ষ কৰিছে৷ কংগ্রেছে ডিজিটেল ইণ্ডিয়াক বিৰোধিতা কৰে৷ কিন্তু ভাৰতৰ ইউ পি আইক লৈ এতিয়া বিশ্ব মোহিত৷ ভাৰতত অভিলেখসংখ্যক ডিজিটেল লেনদেন হৈছে৷ দেশখনে সমৃদ্ধিৰ দিশে আগবাঢ়িছে৷ কিন্তু কংগ্রেছে দেশখনক পুনৰ কুৰি শতিকালৈ ওভতাই নিব বিচাৰে৷ ভাষণৰ অধিকাংশ সময় বিৰোধী কংগ্রেছক সমালোচনা কৰা প্রধানমন্ত্রী মোদীয়ে কয় যে নেতিবাচক কংগ্রেছে বিজেপি চৰকাৰে নির্মাণ কৰা নতুন সংসদ ভৱনক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে৷ দেশে যি কৃতিত্বই লাভ কৰে তাকেই কংগ্রেছে নেতিবাচক দৃষ্টিভংগীৰে লয়৷ তদুপৰি মধ্যপ্রদেশত বিজেপি চৰকাৰে প্রায় ২০ বছৰ কাল সম্পূর্ণ কৰাৰ প্রসংগ উল্লেখ কৰি এইবেলিও প্রথমবাৰৰ বাবে ভোটদান কৰিব লগা যুৱপ্রজন্মই বিজেপিকে আঁকোৱালি ল’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই যুৱপ্রজন্মই কংগ্রেছ কালৰ কু–শাসন প্রত্যক্ষ নকৰিলে৷ তেওঁলোক সৌভাগ্যৱান যে নতুন শক্তিৰে বিজেপিয়ে ৰাজ্যখনক আগুৱাই নিয়া সময়ত ভোটদান কৰিব৷ কংগ্রেছক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– আহিবলগীয়া নির্বাচন মধ্যপ্রদেশৰ কাৰণে অতিকে গুৰুত্বপূর্ণ৷ এই গুৰুত্বপূর্ণ সময়ত যদি কংগ্রেছ, পৰিয়ালবাদ পার্টী, দুর্নীতিৰ পার্টীয়ে সুযোগ পায়, তেতিয়াহ’লে ৰাজ্যখনৰ বাবে বৃহৎ ক্ষতি হ’ব৷ কংগ্রেছে এটা দলকে মহিমামণ্ডিত কৰি আহিছে৷ দলটোৱে দেশত দুর্নীতি ব্যৱস্থাক লালন–পালন কৰিছে৷ এতিয়া কংগ্রেছৰ ৰাষ্ট্রীয় স্বার্থৰ প্রতি দৃষ্টি দিবলৈ সামর্থ্য নাই৷ কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি সোণৰ চামুচ লৈ জন্মলাভ কৰা নেতাই কেতিয়াও দুখীয়াৰ জীৱন বুজি নাপায় বুলি কয় প্রধানমন্ত্রীয়ে৷ দুখীয়াৰ জীৱনক ৰোমাণ্টিক পর্যটন হিচাপে গণ্য কৰে কংগ্রেছ নেতাজনে৷ উল্লেখ্য যে বিগত ৪৫ দিনৰ ভিতৰত মধ্যপ্রদেশত প্রধানমন্ত্রীৰ তৃতীয়টো ভ্রমণ৷ ইপিনে, কংগ্রেছশাসিত ৰাজস্থানতো কালি প্রধানমন্ত্রী মোদীয়ে বিশাল সভা সম্বোধন কৰি কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কংগ্রেছক দুর্নীতিগ্রস্ত দল, পৰিয়ালতান্ত্রিক দল আদিৰে সমালোচনা কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ কৃষকৰ আঁচনি চৰকাৰখনে বলৱৎ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটৰ দুর্নীতিৰ বিষয়েও সৰৱ হয় প্রধানমন্ত্রী মোদী৷

You might also like