নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ যুৱতীক ব্লেকমেইলিং কৰাৰ অভিযোগত হায়দৰাবাদৰ পৰা যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : বিয়াৰ প্ৰস্তাৱ নাকচ কৰা বাবে যুৱতীৰ অশ্লীল AI ফটো সামাজিক মাধ্যমত ভাইৰেল কৰে এজন যুৱকে।

প্ৰায় দুমাহ পূৰ্বে কাছাৰৰ গুমৰাৰ এগৰাকী যুৱতীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি শ্ৰীভূমিৰ ৰাতাবাৰীৰ যুৱক ৰিপন নাথে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিছিল। স্বাভাৱিকতে যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ নাকচ কৰাত ৰিপন নাথে ফেচবুকত যুৱতীগৰাকীৰ নামত এটা ফেক আইডি খুলি বিভিন্ন ধৰণৰ অশ্লীল AI ফটো ভাইৰেল কৰে। AIৰ জৰিয়তে অশ্লীল ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিব বুলি যুৱতীগৰাকীক ব্লেকমেইলিং কৰিছিল ৰিপনে। মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে গুমৰা আৰক্ষী চকীত ৰিপন নাথৰ বিৰুদ্ধে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

পিছত আৰক্ষীৰ তদন্তত এইটোও ধৰা পৰে যে অভিযুক্ত ৰিপন নাথে কেৱল গুমৰাৰ যুৱতীগৰাকীয়েই নহয়, বৰাকৰ আন দুই-তিনিগৰাকী মহিলাৰো ফেক প্ৰফাইল সৃষ্টি কৰি তেওঁলোকক মানসিক নিৰ্যাতন চলাই আহিছে ৷ ইয়াৰ পিছতে গুমৰা আৰক্ষীৰ এটা দলে হায়দৰাবাদলৈ গৈ মোবাইল লোকেচন ট্ৰেক কৰি অভিযুক্ত যুৱক ৰিপন নাথক গ্ৰেপ্তাৰ কৰি গুমৰালৈ লৈ আহে। গুমৰাত উপস্থিত হোৱাৰ পিছত অভিযুক্ত ৰিপন নাথে স্বীকাৰ কৰে যে গুমৰাৰ যুৱতীগৰাকীৰ নামত ফেক আইডি খুলি তেওঁ ব্লেকমেইল কৰাৰ চেষ্টা চলাইছিল। বৰ্তমান গুমৰা আৰক্ষীয়ে অভিযুক্ত ৰিপন নাথক তীব্ৰ জেৰা চলাইছে ।

You might also like