নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত বনকৰ্মীৰ গুলীত আহত যুৱক

🔹 বন্যহস্তীলৈ লক্ষ্য কৰি চলাইছিল গুলী

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত পাহিদল গাঁৱত যোৱানিশা সংঘটিত হয় এক অঘটন ৷ এজাক বৃহৎ বন্যহস্তীক জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ গাঁওখনত গৈ উপস্থিত হৈছিল কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল ৷ প্ৰথমে টৰ্চ লাইটৰ সহায়ত হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিছিল যদিও সফল নোহোৱাত বনকৰ্মীয়ে হাতীৰ জাকটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ সেই সময়তে সংঘটিত হয় এক অঘটন ৷ এটা মূৰত বনকৰ্মীৰ দল আনটো মূৰত স্থানীয় ৰাইজ আৰু ঠিক মাজতে অৱস্থান কৰিছিল হাতীৰ জাকটো ৷ বনকৰ্মীয়ে যেতিয়া হাতীৰ জাকটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে, তেতিয়া বিপৰীত দিশত থকা জিতু ৰয় (২৭) নামৰ যুৱকজনৰ কঁকালত গুলী এটাই চুই যায় ৷ বনকৰ্মীৰ বন্দুকৰ গুলীত আহত হয় যুৱকজন ৷ স্থানীয় ৰাইজে আহত জিতু ৰয়ক চিকিৎসালয়লৈ নিয়ে যদিও আঘাত সামান্য হোৱাত চিকিৎসকে যুৱকজনক নিশাই ঘৰলৈ যাবলৈ দিয়ে ৷ উল্লেখ্য যে শনিবাৰে পুৱা প্ৰায় ছয় বজাত কুশধোৱা দিশৰ পৰা ৩৫-৪০ জনীয়া হাতীৰ জাকটো শিলৰবড়ী গাঁৱৰ বনাঞ্চলত আহি অৱস্থান কৰে ৷ সেই জাকটোৱে সন্ধিয়া হোৱাৰ লগে লগে পাহিদল আৰু শিলৰবড়ী গাঁৱৰ মাজৰ মুকলি পথাৰত অৱস্থান গ্ৰহণ কৰে ৷ তেতিয়াই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বনকৰ্মীয়ে গুলীচালনা কৰাত যুৱকজনৰ শৰীৰত লাগে ৷ নিশা প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হয় ৷ যুৱকজনৰ দেহত গুলী লগাৰ পাছতে উক্ত স্থানত স্থানীয় ৰাইজে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কিছু সময়ৰ পাছতে বনকৰ্মীৰ দলটো সেই স্থানৰ পৰা আঁতৰি যায় ৷ বনকৰ্মীৰ গুলীত আঘাতপ্ৰাপ্ত যুৱকজনৰ ঘৰ কৰকশী গাঁৱত ৷

প্ৰেৰক বেনজিন বড়ো

You might also like