নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীক হত্যাৰ বাবে ৫০ হাজাৰ টকা ঘোষণা পত্নীৰ

🔹 আগ্রাত চাঞ্চল্যকৰ ঘটনা

🔹 হোৱাটছএপত প্রতিফলিত স্বামী–স্ত্রীৰ সংঘাতৰ ভয়াৱহ ৰূপ

বিশেষ বাৰ্তা, ৩১ মার্চ : স্বামী–স্ত্রীৰ মাজৰ সংঘাতে কেনে ৰূপ ল’ব পাৰে ! উত্তৰ প্রদেশৰ আগ্রাৰ বাহ জিলাত পত্নী এগৰাকীয়ে নিজৰ স্বামীক হত্যা কৰিবলৈ হোৱাটছএপত ৫০ হাজাৰ টকা ঘোষণা কৰা ঘটনাই স্বামী–স্ত্রীৰ মাজত সংঘাতৰ ভয়াৱহ ৰূপ প্রতিফলিত কৰিছে৷ তথ্য মতে, আগ্রাৰ বাহ জিলাৰ এক দম্পতীৰ মাজত সংঘাতৰ ফলত পত্নীয়ে স্বামীক হত্যা কৰিবলৈ হোৱাটছএপযোগে ৫০ হাজাৰ টকা ঘোষণা কৰে৷ স্বামীয়ে এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী থানাত পত্নীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ তদুপৰি স্বামীগৰাকীয়ে পূর্বতে পত্নীৰ বন্ধুৱে তেওঁক হত্যাৰ ভাবুকি দিয়া বুলিও আৰক্ষীক অৱগত কৰে৷ বাহ আৰক্ষী থানাৰ আৰক্ষী বিষয়া শ্যাম সিঙে প্রকাশ কৰা মতে, ইতিমধ্যে এই সন্দর্ভত গোচৰ ৰুজু কৰা হৈছে আৰু মহিলাগৰাকীৰ বিৰুদ্ধে অনুসন্ধান চলাই থকা হৈছে৷ উল্লেখ্য যে ২০২২ চনৰ ৯ জুলাইত মধ্যপ্রদেশৰ ভিণ্ডৰ এখন গাঁৱৰ পৰা মহিলাগৰাকীক বিবাহ কৰাইছিল৷ তাৰ পিছৰে পৰা দুয়োৰে মাজত সংঘাত চলি আহিছে৷ আনকি মহিলাগৰাকীয়ে স্বামীক এৰি নিজ ঘৰলৈ গুচি গৈছিল বুলিও জানিব পৰা গৈছে৷

You might also like