নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত যুৱ সাংবাদিকতাৰ কৰ্মশালা : সমল ব্যক্তি নিয়মীয়া বাৰ্তাৰ সাংবাদিক মানস প্ৰতিম গগৈ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ অসম শাখা ভাৰতীয় চাহ সন্থা (এবিটা)ৰ উদ্যোগত আৰু ইউনিচেফ অসমৰ সহযোগত দুদিনীয়াকৈ মাৰ্ঘেৰিটা ডিহিং চাহ বাগিছা ষ্টাফ ক্লাবত চাহ বাগিছাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় যুৱ সাংবাদিকতা সন্দৰ্ভত এক কৰ্মশালা। আজি সামৰণী অনুষ্ঠানত দিনজোৰা কৰ্মশালাৰ মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈ। পুৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানৰ আঁ‌ত ধৰে এবিটা ইউনিচেফৰ চাৰ্কোল সমন্বয়ক ৰিংকু কালাৰ কোঁ‌ৱৰ আৰু ৰিতা বিঞ্জোৱাৰ। অন্যহাতে কৰ্মশালাত যুৱ সাংবাদিক মানস প্ৰতিম গগৈক সহযোগ আগবঢ়াই এবিটা ইউনিচেফৰ চাৰ্কোল সমন্বয়ক বাবৰি সোণোৱালে। যুৱ সাংবাদিকতা এই কৰ্মশালাৰ জড়িয়তে বিশেষকৈ চাহ বাগিচা অধ্যুষিত অঞ্চল সমূহৰ বিভিন্ন দিশ উন্মোচিত কৰাৰ লক্ষ্যৰি এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে বুলি বাবৰি সোণোৱালে জানিবলৈ দিছে। তিনিখন চাহ বাগিচাৰ ২৫ গৰাকী ছাত্ৰ ছাত্ৰী উপস্থিত থকা যুৱ সাংবাদিক কৰ্মশালাত বাতৰি কাকতলৈ মফচল অঞ্চলৰ সাংবাদিকে গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যা সম্পৰ্কে বাতৰি কেনেধৰণে সংগ্ৰহ কৰে লগতে ভিডিঅ কেমেৰা, মোবাইল কেমেৰাৰে একোটা ভিডিঅ বাতৰি টিভিৰ বাবে কি দৰে প্ৰস্তুত কৰিব পৰা যায় সেই সন্দৰ্ভত লগতে সাংবাদ তথ্যৰ ওপৰত আধাৰিত আৰু প্ৰমাণৰ সৈতে সমৰ্থিত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য সম্পৰ্কেও সাংবাদিক মানস প্ৰতিম গগৈয়ে ছাত্ৰ ছাত্ৰী সকলক পাঠ প্ৰদান কৰে। উল্লেখ যে এবিটাৰ অসম শাখা আৰু ইউনিচেফে অসমৰ চাহ বাগান সমূহৰ শিশু সুৰক্ষা আঁ‌চনি, শিশু শিক্ষা, ছাত্ৰ ছাত্ৰী সকলৰ মাজত বাল্য বিবাহ বন্ধ কৰা, কিশোৰী-যুৱতি সকলৰ মাহেকীয়া সময়ত লব লগা যতন, চি আৰ চি , ওপৰিও যুৱ সাংবাদিকতাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like