বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰি অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালক ধনৰ টোপোলা যাঁচি বক্র পথেৰে ৰাজ্য চৰকাৰৰ উচ্চ পদবীত নিযুক্তি লাভ কৰা বিষয়াসকলৰ বিপদ সমাগত৷ ৰাজ্য চৰকাৰে এই কেলেংকাৰিত অভিযুক্ত ২১জন ৰাজপত্রিত বিষয়াক নিলম্বন কৰে৷ ৰাজ্যপালৰ অনুমোদনমর্মে নিলম্বন হোৱা বিষয়াসকলৰ ভিতৰত আছে চাৰিজন এচিএছ, ১১জন এপিএছ, এজন আবকাৰী পৰিদর্শক, দুজন সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়ক আৰু তিনিজন সহকাৰী নিয়োগ বিষয়া৷ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগৰ সচিব টি পি বৰগোহাঁই স্বাক্ষৰিত এটা নির্দেশনাৰ জৰিয়তে নিলম্বন কৰা এচিএছ বিষয়াকেইজন হৈছে– ধ্রুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ধীৰাজ জৈন আৰু হিতেশ মজুমদাৰ৷ আনহাতে নিলম্বিত এপিএছ বিষয়াকেইজন হৈছে– কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ, কুলপ্রদীপ ভট্টাচার্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, ৰুমীৰ টিমুংপী, অনলজ্যোতি দাস, নন্দিনী কাকতি, ঐশ্বর্য জীৱন বৰুৱা আৰু ছাহজাহান সৰকাৰ৷ সমান্তৰালভাৱে আবকাৰী পৰিদর্শক সৌৰভপ্রাণ শর্মা, দুই সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়ক বিকাশ শর্মা আৰু চক্রধৰ ডেকা, তিনি সহকাৰী নিয়োগ বিষয়া গীতার্থ বৰুৱা, বিচিত্র গোপাল নাথ আৰু ৰাকেশ দাসকো চকীৰ পৰা নিলম্বন কৰা হৈছে৷ ইয়াৰ ভিতৰত ধ্রুৱজ্যোতি হাতীবৰুৱা খিলঞ্জীয়া জনজাতীয় বিশ্বাস তথা সাংস্কৃতিক বিভাগৰ উপ–সচিব হিচাপে কর্মৰত হৈ আছিল৷ তদুপৰি আকাশী দুৱৰা, যোৰহাটৰ অতিৰিক্ত আয়ুক্ত, ধীৰাজ জৈন নির্বাচন বিভাগৰ উপ–সচিব আৰু হিতেশ মজুমদাৰ দক্ষিণ শালমাৰা–মানকাচৰৰ্ অতিৰিক্ত আয়ুক্ত হিচাপে কর্মৰত হৈ আছিল৷ ইপিনে নিলম্বিত এপিএছ বিষয়াসকলৰ ভিতৰত ফাৰুক আহমেদ দক্ষিণ শালমাৰাৰ মুখ্য কার্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক, কল্যাণ কুমাৰ দাস কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, দীপাংকৰ দত্ত লহকৰ হাইলাকান্দিৰ কাটলিচেৰাত ২১ এপিবিএনত উপ–আৰক্ষী অধীক্ষক, কুলপ্রদীপ ভট্টাচার্য মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নীলাঞ্জল গগৈ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কার্যালয়ৰ উপ–আৰক্ষী অধীক্ষক, নীতুমণি দাস বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), ৰুমীৰ টিমুংপী অসম আৰক্ষীৰ মুখ্য কার্যালয়ত, অনলজ্যোতি দাস ডিমা হাছাওৰ মুখ্য কার্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নন্দিনী কাকতি গুৱাহাটীৰ কেন্দ্রীয় আৰক্ষী জিলাৰ এডিচিপি, ঐশ্বর্য জীৱন বৰুৱা ওদালগুৰিৰ মুখ্য কার্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ছাহজাহান সৰকাৰ যোৰহাটত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) হিচাপে কর্মৰত হৈ আছিল৷ ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস বৰপথাৰৰ শ্রম আৰু নিয়োগ কেন্দ্রত কর্মৰত আছিল৷ উল্লেখ্য যে ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগত ব্যাপক নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ একাংশ যোগ্য প্রার্থীক বঞ্চিত কৰি কেৱল ধনৰ বিনিময়ত অযোগ্য প্রার্থীক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাকেশ পালে ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভ কৰাৰ পথ মুকলি কৰি দিছিল৷ সেই সময়ৰ আয়োগৰ বিষয়ববীয়া আৰু সদস্য তথা মধ্যভোগীৰ সহায়ত বুজন পৰিমাণৰ ধনৰ বিনিময়ত ৰাকেশ পালে এই কার্য সংঘটিত কৰিছিল৷ পৰৱর্তী সময়ত ২০১৬ বর্ষত আয়োগৰ সমগ্র কেলেংকাৰিক লৈ ডিব্রুগড় আৰক্ষী থানাত এটা গোচৰ ৰুজু হয়৷ ইয়াৰ ভিত্তিত ৰাকেশ পালৰ উপৰি আয়োগৰ বিষয়ববীয়া, সদস্য তথা বক্র পথেৰে চাকৰি লোৱা ৰাজপত্রিত বিষয়াসকলক গ্রেপ্তাৰ কৰা হয়৷ সেই সময়ত মুঠ ৭৪জন লোকক গ্রেপ্তাৰ কৰা হৈছিল৷ সমান্তৰালভাৱে আন এটা অভিযোগ উত্থাপিত হৈছিল যে ২০১৩ আৰু ২০১৪ বর্ষত অনুষ্ঠিত আয়োগৰ পৰীক্ষাত বক্র পথেৰে উত্তীর্ণ হোৱা বহু প্রার্থীক তদন্তৰ আওতালৈ অনা হোৱা নাছিল যিসকল এতিয়াও ৰাজ্য চৰকাৰৰ বিভিন্ন পদবীত কর্মৰত হৈ আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০১৩ আৰু ২০১৪ বর্ষৰ পৰীক্ষাৰ অনিয়মৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠনৰ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হয়৷ এই গোচৰৰ ভিত্তিতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত আয়োগ গঠন কৰে৷ এই আয়োগে দুয়োটা পৰীক্ষাত সংঘটিত অনিয়ম সন্দর্ভত পৃথকে পৃথকে ৰাজ্য চৰকাৰক প্রতিবেদন দাখিল কৰে৷ ২০১৩ বর্ষত বক্র পথেৰে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হোৱা ৩৪জন প্রার্থীৰ নাম ন্যায়িক আয়োগৰ প্রতিবেদনত উল্লেখ কৰা হয়৷ এই প্রতিবেদনখনৰ ভিত্তিতে ৰাজ্য চৰকাৰে অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হয়৷ অভিযুক্ত বিষয়াসকললৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ লগতে অসম সেৱা (অনুশাসন আৰু আবেদন) বিধি ১৯৬৪ৰ ৬ (১) অধিনিয়মৰ অধীনত ৰাজ্যপালৰ অনুমোদনমর্মে নিলম্বন কৰা হৈছে৷ নিলম্বনৰ নির্দেশনাত উল্লেখ কৰা অনুসৰি অভিযুক্ত বিষয়াসকলে নিজৰ যোগ্যতাৰে পদসমূহত নিযুক্তি লাভ কৰা নাছিল৷ বৰঞ্চ তেওঁলোকে পৰীক্ষাত লাভ কৰা নম্বৰ অবৈধভাৱে বৃদ্ধি কৰি দিয়াৰ বাবেহে যোগ্যতা অর্জন কৰিছিল৷ যাৰ বাবে এই বিষয়াসকলক তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ অনুমতি দিলে সেয়া ৰাজহুৱা স্বার্থ বিঘ্নি ত হ’ব বুলিও চৰকাৰে বিবেচনা কৰিছে বুলি উল্লেখ কৰা হৈছে৷ লক্ষণীয় যে পূর্বে ২০১৬ চনত গ্রেপ্তাৰ হোৱা ৰাজপত্রিত বিষয়াসকলক ইতিমধ্যে চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে৷ সেয়েহে আজি নিলম্বন কৰা বিষয়াসকলকো বিভাগীয় তদন্তৰ অন্তত চাকৰিৰ পৰা বর্খাস্ত কৰাৰ সম্ভাৱনাই অধিক৷ ন্যায়িক আয়োগৰ প্রতিবেদনৰ উপৰি উত্থাপিত অভিযোগ সন্দর্ভত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোটেও তদন্ত অব্যাহত ৰাখিছে৷ নিলম্বিত বিষয়াসকলৰ ভিতৰত ঐশ্বর্য জীৱন বৰুৱা, ছাহজাহান সৰকাৰ আৰু ৰাকেশ দাসক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ জানিব পৰা মতে, এছআইটিয়ে আন অভিযুক্ত বিষয়াসকললৈও জাননী জাৰি কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত নিলম্বিত আন বিষয়াসকলকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ এপিএছ বিষয়া সুকন্যা দাস, এচিএছ বিষয়া ধীৰাজ জৈন আৰু আকাশী দুৱৰাক আজি এছআইটিৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু তিনিওজন বিষয়াই ব্যক্তিগত অসুবিধাৰ দোহাই দি এছআইটিৰ ওচৰত হাজিৰ হোৱাৰ পৰা বিৰত থাকে৷
#বাৰ্তা ডেস্ক