নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফলত তৃতীয় স্থানত ডিব্ৰুগড়ৰ জিয়া ফাৰা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ এগৰাকী মেধাৱী ছাত্ৰী জিয়া ফাৰা ইছলাম। তেওঁ লিটিল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়ৰ ছাত্ৰী।

ফলাফল ঘোষণা হোৱাৰ লগে লগে বিদ্যালয়খনত আনন্দৰ পৰিবেশ সৃষ্টি হৈছে। শিক্ষক-অভিভাৱকসকলে জিয়া ফাৰা ইছলামৰ এই সফলতাক অভিনন্দন জনাইছে। কঠোৰ পৰিশ্ৰম, নিয়মিত অধ্যয়ন আৰু শিক্ষকসকলৰ পথপ্ৰদৰ্শনৰ ফলতেই তেওঁ এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জনোৱা হৈছে।

জিয়া ফাৰা ইছলামৰ এই সফলতাই ডিব্ৰুগড় জিলাৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই কৃতিত্বই আন ছাত্ৰ-ছাত্ৰীসকলকো আগবঢ়াৰ বাবে উৎসাহ যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১০ এপ্ৰিল

You might also like