নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফলত শীৰ্ষত পাটাছাৰকুছিৰ জ্যোতিৰ্ময়

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পাটাছাৰকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে ৯৮.৫ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

তেওঁ অসমীয়াত ১০০, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৯১ নম্বৰ লাভ কৰিছে৷

তেওঁ পাটাছাৰকুছি মৰ্কা নিবাসী সতীশ চন্দ্ৰ দাস আৰু ববিতা দাসৰ পুত্ৰ৷ তেওঁৰ এই সাফল্যত শিক্ষানুষ্ঠানখনৰ আচাৰ্য আচাৰ্যা, ছাত্ৰছাত্ৰীৰ লগতে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে৷

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ১০ এপ্ৰিল

You might also like