নিজ চর্তত ৰজা জুবিনে তেওঁৰ চর্ততেই আমাক এৰি গ’ল
🔹 ভাতৃসম শিল্পীৰ মৃত্যুৰ সংবাদ শুনি শোকাভিভূত ছান
নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : শুকুৰবাৰে বিয়লি ছিংগাপুৰত এক দুর্ঘটনাত জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গৰ আকস্মিক বিয়োগৰ বার্তা শুনি শোকাভিভূত হৈ পৰে কণ্ঠশিল্পী ছান৷ জুবিন গার্গৰ বিয়োগৰ বার্তা লাভ কৰাৰ পাছতেই জনপ্রিয় শিল্পী ছানে সামাজিক মাধ্যমযোগে জুবিনৰ সৈতে আলোকচিত্র প্রচাৰ কৰি শোকবার্তাত কয়– জুবিন সঁচাকৈয়ে এজন ৰজা আছিল৷ নিজৰ চর্তত জীয়াই আছিল আৰু নিজৰ চর্ততেই তেওঁ আমাক এৰি গ’ল৷
শোক প্রকাশ কৰাৰ লগতে ছানে পুনৰ কয়– মোৰ প্রিয় বন্ধুজনৰ সৈতে মই কিয় যোগাযোগ ৰক্ষা কৰি চলা নাছিলোঁ৷ এক উষ্ম, জটিলতাবিহীন আৰু প্রকৃত হূদয়ৰ গৰাকী জুবিনক কিয় মই সকলো সময়তে কল কৰা নাছিলোঁ৷ তাক লৈ মই আজি দুখ প্রকাশ কৰিছোঁ৷ জুবিনৰ সৈতে মোৰ বহু আন্তৰিক মুহূর্ত সজীৱ হৈ আছে৷ আশা কৰোঁ- অনাগত সময়ত আমি আন এক জগতত মিলিত হ’ম৷ চিয়ার্ছ ব্রাদাৰ৷ উল্লেখ্য যে অসমৰ জনপ্রিয় শিল্পী জুবিন গার্গক ছানে তেওঁৰ ভাতৃসম বুলি মানি আহিছে৷