ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মঙলবাৰে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ শেহতীয়া মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অনিতা ডেকা মহন্তই দাবী কৰিছিল যে তেওঁৰ স্বামী শ্যামকানু মহন্তই জুবিন গাৰ্গক বিশ্বজুৰি পৰিচয় কৰাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
জুবিন গাৰ্গৰ মৃত্যুকাণ্ড সন্দৰ্ভত গঠিত ফাষ্টট্ৰেক আদালতত অনুষ্ঠিত দৈনিক শুনানিত উপস্থিত থাকি গৰিমাই সংবাদ মাধ্যমৰ আগত অনিতা ডেকা মহন্তৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- “জুবিন গাৰ্গে সকলোকে ভাল পাইছিল— এইটো সঁচা, কিন্তু মানুহ চিনাত আমিহে ভুল কৰিছিলোঁ।”
তেওঁ লগতে কয় যে জুবিন গাৰ্গক নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। “জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এটা সূৰ্য আছিল। ৩০ বছৰে তেওঁ যি অৱদান আগবঢ়াইছে, তাৰ পিছত তেওঁক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছিল জানো? কোনে কাক ক’ত পৰিচয় কৰাইছে, সেই কথা অসমৰ ৰাইজে ভালদৰে জানে।”- গৰিমা শইকীয়া গাৰ্গে কয়।
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ আৰু কয়- “ৰাইজে ভিডিঅ’ত সকলো দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জে’লত ভৰাই থ’ব নেকি? সেই প্ৰশ্নটো নিজকে সোধা উচিত। এনেই কোনেও কাকো জে’লত ভৰাই নথয়।”
গৰিমাই লগতে স্পষ্ট কৰে যে তেওঁলোক আইন আৰু ন্যায় প্ৰক্ৰিয়াত পূৰ্ণ বিশ্বাসী। তেওঁ কয়- “আমি আইন প্ৰক্ৰিয়া আৰু ন্যায় প্ৰক্ৰিয়াত আস্থা ৰাখোঁ। আমাৰ অধিবক্তাসকলে বলিষ্ঠভাৱে নিজৰ কাম কৰি আছে আৰু আমি আশাবাদী যে শীঘ্ৰে ন্যায় লাভ কৰিম।”
ইফালে, আজি ফাষ্টট্ৰেক আদালতত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনক লৈ শুনানি অনুষ্ঠিত হয়। আনহাতে, শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতে ৰায় সংৰক্ষণ কৰিছে, যি ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।