HS-ৰ ফলাফল : ৬টা বিষয়তে লেটাৰসহ উজলিল সৰুপথাৰৰ নিয়ৰকণা
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত সৰুপথাৰ পদুমনি অঞ্চলৰ নিয়ৰকণা ঢেকিয়াল ফুকনৰ সাফল্যত পদুমনি অঞ্চলৰ লগতে তেওঁৰ জন্মস্থান শিৱসাগৰ আমগুৰি দোপদৰ বৰুৱাপুখুৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে৷
নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীর্ণ হোৱা নিয়ৰকণাই সকলো বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইংৰাজীত ৯৩, অসমীয়াত ৯৪, অর্থনীতিত ৯৯, ৰাজনীতি বিজ্ঞানত ৯৯, ভূগোলত ৯৬ আৰু সমাজ শাস্ত্রত ৯০ মুঠ ৪৮১ আৰু (৯৬.২ শতাংশ) লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷
সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্রণৱ ঢেকিয়াল ফুকন আৰু শিক্ষয়িত্ৰী শেৱালি ফুকনৰ কন্যা নিয়ৰকণা বীণা ফুকনৰ নাতি৷ নিয়ৰকণাৰ ভৱিষ্যতে এগৰাকী প্রশাসনিক বিষয়া হোৱাৰ প্রবল ইচ্ছা৷
ডিজিটেল ডেস্ক, ২৮ এপ্রিল