নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা, মূল অভিযুক্ত হীৰক ৰাজবংশীক বিচাৰি আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ বুধবাৰে নিশা প্ৰায় ১২.৪০ বজাত গণেশগুৰিৰ গণেশমন্দিৰৰ সমীপত দুৰ্বৃত্তই আগভেঁটি ধৰে জুবিন গাৰ্গক। নিজৰ কাম শেষ কৰি জু-ৰোডস্থিত ষ্টুডিঅ’ৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ ওভটাৰ পথত এই ঘটনা।

জুবিনৰ গাড়ী আগভেটি ধৰি অশ্লীল গালি-গালাজ কৰে দুৰ্বৃত্তৰ দলটোৱে। হাতত সুৰাৰ বটল লৈ গাড়ীৰ পৰা নামিছিল ৬জনীয়া দুৰ্বৃত্তৰ দলটো। AS-01-BY0675 নম্বৰৰ বাহনত আহিছিল দলটো। আৰু গাড়ীখন হীৰক ৰাজবংশী নামৰ এজন যুৱকৰ নামত পঞ্জীয়ন আছে। হীৰকৰ পূব শৰণীয়াৰ বাসগৃহত আৰক্ষীৰ অভিযান। বৰ্তমান পলাতক অৱস্থাত থকা হীৰকৰ ভাতৃক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। অভিযুক্ত হীৰকক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।

আনহাতে শীঘ্ৰে দোষীক কৰায়ত্ত কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্তই। ঘটনাসন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গে।

You might also like