নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠ স্থানত অভিনেতা অক্ষয় কুমাৰ, ফ’বছৰ শীর্ষ স্থানত থকা ১০ ধন উপার্জনকাৰী

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ ফ’বছৰ তালিকাত বলীউডৰ একমাত্র চেলিব্রিটী হিচাপে ১০গৰাকী শীর্ষ উপার্জনকাৰী অভিনেতাৰ ভিতৰত স্থান লাভ কৰিছে অক্ষয় কুমাৰে৷ বলীউডৰ অভিনেতাগৰাকীয়ে অৱশ্যে পূর্বেও এই তালিকাত অত্যধিক ধন উপার্জনকাৰী অভিনেতা হিচাপে প্রথম ১০টাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ চলিত বর্ষত ফ’বছৰ এই তালিকাত ষষ্ঠ স্থানত আছিল অক্ষয় কুমাৰ৷ ৫২ বছৰীয়া ভাৰতীয় অভিনেতাগৰাকী পুৰুষৰ তালিকাত প্রথম ১০ৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছে ৪৮.৫ নিযুত ডলাৰ উপার্জনেৰে৷ অর্থাৎ ভাৰতীয় টকাৰ হিচাপত অক্ষয় কুমাৰৰ বর্ষটোৰ উপার্জন প্রায় ৩৫৯ কোটি ১২ লাখ৷ অৱশ্যে ২০১৯ৰ তালিকাতকৈ দুটা স্থান পিছ পৰিছে অক্ষয় কুমাৰ৷ ২০১৯ৰ বর্ষত ফ’বছৰ তালিকাত চতুর্থ স্থানত আছিল বলীউডৰ অভিনেতাগৰাকী৷ ২০২০ত এই তালিকাত শীর্ষস্থান দখল কৰিছে ৰেচলাৰ তথা অভিনেতা ডায়নে জনছনে৷ জনছনৰ মুঠ উপার্জন হৈছে ৮৭.৫ নিযুত ডলাৰ৷ যোৱাবছৰো শীর্ষস্থানত আছিল জনছন৷ ইফালে, ডেডপুলৰ তাৰকা ৰিয়ান ৰেইনল্ডছে ৭১.৫ নিযুত ডলাৰ উপার্জনেৰে দ্বিতীয় স্থান লাভ কৰিছে ফ’বছৰ এই তালিকাত৷ তালিকাত তৃতীয়, চতুর্থ আৰু পঞ্চম স্থান লাভ কৰিছে মার্ক ৱালবার্গ, বেন এফলেক আৰু ভিন ডিজেলে৷ ইফালে, হেমিলটনৰ তালিকাত লিন মানুৱেল মিৰান্দাই সপ্তম স্থান লাভ কৰাৰ বিপৰীতে উইল স্মিথ, আডাম ছেণ্ডলাৰ আৰু জেকি চানে ক্রমে অষ্টম, নৱম আৰু দশম স্থান লাভ কৰিছে এই তালিকাত

You might also like