নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ গোটৰ যাত্রা

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ৰাজধানী নতুন দিল্লীত পহিলা জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এমহীয়া গণৰাজ্য দিৱসৰ শিবিৰলৈ নির্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা যোজনাৰ (এনএছএছ) কোষৰ অধীনৰ তিনিজন স্বেচ্ছাসেৱক ক্রমে চাপিনী বর্মন (বিবৰুৱা মহাবিদ্যালয়), দীপজ্যোতি শর্মা (গুৱাহাটী মহাবিদ্যালয়) আৰু চাজিছ আলী (উত্তৰ গুৱাহাটী মহাবিদ্যালয়)৷ তেনেদৰে উত্তৰ–পূব মণ্ডলৰ পৰা গণৰাজ্য দিৱসৰ শিবিৰত মুঠ ১৮জন স্বেচ্ছাসেৱকে ভাগ ল’ব৷ উত্তৰ–পূবৰ দলটোক নেতৃত্ব দিব বি বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ কোষৰ কার্যসূচী বিষয়া ড০ সত্যব্রতবৰুৱাই৷ আনহাতে আজি দলটোৱে গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্রেছযোগে নতুন দিল্লীলৈ যাত্রা কৰিছে৷ দলটোক যাত্রাৰ পূর্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, ছাত্র কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে দলটোক যাত্রাৰ শুভেচ্ছা জ্ঞাপন কৰি উত্তৰ–পূবলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে৷ উল্লেখ্য যে নতুন দিল্লীত গণৰাজ্য দিৱসৰ শিবিৰত শিবিৰৰ সঞ্চালকৰ দায়িত্বত থাকিব এন এছ এছৰ গুৱাহাটীস্থিত উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় সঞ্চালক দীপক কুমাৰ৷

You might also like