নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিস্তব্ধতা ভাঙি উকিয়ামত বনভোজ দলৰ ভিৰ

-বিশ্বজিৎ কলিতা, ছয়গাঁও

যোৱা বর্ষত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ পৰিপ্রেক্ষিতত খালী হৈ আছিল বনভোজস্থলীসমূহ৷ কিন্তু এইবাৰ বনভোজস্থলীসমূহত্ যেন বনভোজ খাবলৈ যোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ অসম–মেঘালয়ৰ সীমান্তৱর্তী উকিয়ামৰ প্রাকৃতিক সৌন্দর্য যেন প্রতিজন লোককে ৰিঙিয়াই মাতিছে৷ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা প্রায় ২৭ কিলোমিটাৰ দূৰত্বত থকা উকিয়ামৰ দ্রোণ, শ্রী আৰু ঘোগা নামৰ তিনিখন নৈৰ সংগমস্থলীৰ চৌপাশে সুউচ্চ পাহাৰ আৰু ঘন সেউজীয়াৰে চিৰকাল উজলি থকা উকিয়ামে প্রতিনিয়ত হাত বাউলি মাতে প্রতিগৰাকী জিজ্ঞাসু লোকক৷ এই তিনিখন নৈৰ সংগমস্থলীৰ সৌন্দর্য জীপাল কৰে প্রতিগৰাকী লোকক৷ যান্ত্রিকতাৰ মাজত থাকি বিষাদেৰে ভৰা প্রতিগৰাকী ব্যক্তিয়ে উক্ত স্থানলৈ প্রাকৃতিক পৰিৱেশ উপভোগ কৰি হৈ পৰে আত্মহাৰা৷ উকিয়ামৰ নৈৰ ওপৰত থকা উলমা দলং, নৈৰ পানীত নৌকা বিহাৰ, নৈৰ পানীৰ কলকলি ধ্বনি দেখিলে যেন সকলোৰে দেহ–মন জুৰ পৰি যায়৷ উল্লেখ্য, চলিত বর্ষৰ যোৱা মার্চ মাহৰ শেষৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বহু দিন অনুষ্ঠান, প্রতিষ্ঠান, সভা, ধর্মীয় অনুষ্ঠান, বিহুকে ধৰি বহু অনুষ্ঠান বন্ধ হৈ আছিল৷ যাৰ বাবে ঘৰতে থাকি সৰহসংখ্যক লোকৰে মন বিষাদেৰে ভৰি আছে৷ যিহেতু এই সময় বনভোজ খোৱাৰ একেবাৰে প্রকৃত সময়৷ অন্য বর্ষত এই সময়ত সৰহভাগ ল’ৰা–ছোৱালীৰে বিদ্যালয়ৰ পাঠদান লগতে পৰীক্ষা থাকে৷ এইবাৰ বেছিভাগ অভিভাৱকে কিছু পৰিমাণে মুক্ত হৈছে৷ যাৰ বাবে বনভোজ খোৱা লোকৰ সংখ্যা যথেষ্ট হৈছে৷ উল্লেখ্য, ইংৰাজী নৱবর্ষ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা উকিয়ামলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে৷ আনহাতে, উকিয়ামত এইবাৰ বনভোজ যাত্রীসকলৰ বাবে তিনিজন শিক্ষিত যুৱকে ‘উকিয়াম ইকো কেম্প’ নামেৰে এটা কেম্পৰ শুভাৰম্ভ কৰিছে৷ য’ত বিভিন্ন ধৰণৰ সা–সুবিধাৰ লগতে সম্পূর্ণ থলুৱা সম্ভাৰেৰে বনোৱা সুস্বাদু খাদ্য পোৱা যায় উক্ত কেম্পত৷ যুৱককেইজনৰ এই কর্মৰ বাবে অঞ্চলবাসীৰ লগতে বনভোজকাৰীসকলে ভূয়সী প্রশংসা কৰিছে৷

You might also like