নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন–ৰূপত পুনৰ মুকলি ৰাজ্যিক চিৰিয়াখানা

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ সুদীর্ঘ প্রায় দহ মাহৰ অন্তত পুনৰ ন–ৰূপত মুকলি কৰা হয় অসম ৰাজ্যিক চিৰিয়াখানা৷ ক’ৰোনা মহামাৰীৰ বাবে দীর্ঘদিন ধৰি বন্ধ ৰখা ৰাজ্যিক চিৰিয়াখানা আনুষ্ঠানিকভাৱে মুকলি কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ তদুপলক্ষে আজি চিৰিয়াখানাৰ বাকৰিত আয়োজিত এক অনুষ্ঠানত মন্ত্রী পৰিমল শুক্লবৈদ্যই কয় যে ৰাজ্যিক চিৰিয়াখানা–দর্শনার্থীৰ বাবে পুনৰ মুকলি কৰা হয়৷ অৱশ্যে অহা ২ জানুৱাৰীৰ পৰা দর্শনার্থীয়ে উপভোগ কৰিব পাৰিব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিছে৷ দর্শনার্থীসকলৰ বাবে চিৰিয়াখানাত নতুনকৈ এটা কেংগেৰু, বিশ্বৰ আটাইতকৈ বৃহৎ প্রজাতিৰ তিনিটা কাছ, বিৰল প্রজাতিৰ চৰাই আৰু কেইবাটাও মেকাউ অনা হৈছে৷ দর্শনার্থীসকলে অহা ২ জানুৱাৰীৰ পৰা এই জীৱ–জন্তুসমূহ দর্শন কৰিব পাৰিব৷

অৱশ্যে চিৰিয়াখানাত এদিনত এহেজাৰৰ অধিক দর্শনার্থী প্রৱেশ কৰিব নোৱাৰিব আৰু প্রতিগৰাকী দর্শনার্থীয়ে ক’ভিড প্রট’কল মানি চলাটো বাধ্যতামূলক৷ ইপিনে, চিৰিয়াখানা ব্যক্তিগতকৰণ সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এয়া অপপ্রচাৰ৷ ৰাজ্যিক চিৰিয়াখানা অসমৰ ৰাইজৰ সম্পদ, ইয়াক ব্যক্তিগতকৰণৰ প্রশ্নই নুঠে বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷

চিৰিয়াখানাৰ ডিএফ’ তেজস্ব মাৰিস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অসম চৰকাৰৰ চিডব্লিউডব্লিউ এম কে যাদৱ, পিচিচিএফ এ এম সিং, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশীকে ধৰি বন বিভাগৰ কেইবাগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷ অনুষ্ঠানৰ অন্তত বনমন্ত্রীগৰাকীয়ে কেংগেৰু আৰু বিৰল প্রজাতিৰ কাছৰ গঁৰাল মুকলি কৰে৷ উল্লেখ্য যে দর্শনার্থীসকলেwww.assamstatezoo.in ৱেবছাইটযোগে টিকট বুকিং কৰিব পাৰিব৷

You might also like