নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা সত্ৰত সেৱা জনাই বৰপেটাৰ উন্নয়নৰ সংকল্প মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতেই বৰপেটা জিলাত উপস্থিত হয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। জিলাখনলৈ প্ৰথম চৰকাৰী ভ্ৰমণত আহি তেওঁ সৰ্বপ্ৰথমে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে।

মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই পৱিত্ৰ সত্ৰত সেৱা জনাই মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাবাসীৰ সুখ-শান্তি আৰু মংগল কামনা কৰে। লগতে তেওঁ কয় যে অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিব।

মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে শ্ৰীমন্ত শংকৰদেৱে কোচ ৰাজ্যৰ পৰাই অসমৰ ভাষা, সাহিত্য, কলা-সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়াইছিল। সেই আদৰ্শক সন্মান জনাই বৰপেটাৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ।

ইয়াৰ উপৰি বৰপেটা আৰু মধুপুৰ সত্ৰৰ মাজত পূৰ্বৰ পৰা বিদ্যমান আধ্যাত্মিক আৰু সাংস্কৃতিক সমন্বয় অধিক সুদৃঢ় হোৱাৰ আশাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ ভূমি বৰপেটাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে তেওঁ।

পৰৱৰ্তী সময়ত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে বৰপেটা জিলা প্ৰশাসনৰ সৈতে সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বান প্ৰস্তুতি, উদ্ধাৰ ব্যৱস্থা আৰু ক্ষয়-ক্ষতি প্ৰতিৰোধৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়।

মুখ্যমন্ত্ৰীৰ সহযোগিতা আৰু জিলা প্ৰশাসনৰ সমন্বিত প্ৰচেষ্টাৰে আগন্তুক দিনত বৰপেটাক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

ডিজিটেল ডেস্ক, ৯ জুন

You might also like