এক ব্যতিক্ৰমী দৃশ্য। ব্যক্তিগত মাধ্যমৰ পৰিবৰ্তে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী তথা অভিভাৱৰ লানি নিচিঙা শাৰী। নেৰানেপেৰা বৰষুণৰ পিছতো ৰাতিপুৱা পুৱাৰে পৰা বিদ্যালয়ৰ সন্মুখত নিজৰ সন্তানক লৈ ভীৰ অজস্ৰ জনৰ। সাধাৰণতে বেচৰকাৰী শিক্ষানুষ্ঠানৰ চৌহদৰ বাহিৰত দেখা এনে এক পৰিৱেশেই দেখিবলৈ পোৱা গ’ল নলবাৰী জিলাৰ পূব প্ৰান্তৰ গ্ৰাম্য চহৰ ঘগ্রাপাৰ মাজমজীয়াৰ এইখন চৰকাৰী বিদ্যালয়ত।
বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ এখন ব্যতিক্ৰম চৰকাৰী বিদ্যালয় হ’ল পিএমশ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন এতিয়া বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ শিক্ষাৰ্থী তথা অভিভাৱকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্রতি অভিভাৱকৰ অনিহা সৃষ্টি হৈছে, আধুনিকতাৰ ধামখুমীয়াত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকসকলৰ মাজত এক অঘোষিত প্রতিযোগিতা চলি থকা সময়তে পিএমশ্রী ঘগ্রাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এই ব্যতিক্রমী দৃশ্য।
অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত নিজৰ সন্তানটিক নামভৰ্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র–ছাত্রীয়ে বিদ্যালয়খনত ভীৰ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষ অনিল শৰ্মা আৰু বিদ্যালয় খনৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতাই জানিবলৈ দিয়ে যে- প্রায় ২৫০ ছাত্র–ছাত্রীয়ে নতুনকৈ ষষ্ঠ আৰু নৱম শ্রেণীত নামভৰ্তিৰ বাবে আবেদন কৰিছে।
বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ বাবে ১৮১ জন ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে প্রবেশ পৰীক্ষাত অবতীৰ্ণ হৈছে। ইতিমধ্যে প্ৰ-পত্র জমা লোৱা হৈছে যদিও নামভৰ্তিৰ বাবে বিমোৰত পৰিব লগা হৈছে বিদ্যালয় কৰ্তৃপক্ষ। ইতিমধ্যে বিদ্যালয় খনত ৮২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।
আনহাতে বিদ্যালয়খনৰ পৰা কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী অৱসৰ গ্ৰহণ কৰাৰ পিছত বর্তমানে থকা ৩১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰিব লগা হৈছে। আনহাতে বিদ্যালয়খনত কেইবাটাও শিক্ষকৰ পদ খালী হৈ আছে। নামভৰ্তি কৰিবলৈ বিচৰা ছাত্ৰ- ছাত্ৰীৰ সকলোকে নামভৰ্তিৰ সুযোগ দিলে প্ৰতিটো শাখাতে শতাধিক ছাত্র-ছাত্ৰীক দিব লাগিব। ইয়াৰ ফলশ্ৰুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লাগিব।
বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক লৈ শ্ৰেণীকোঠাৰ কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ সাম্প্রতিক পৰিৱেশ হয়তু ৰাজ্যখনৰ ভিতৰতে বিৰল। শিক্ষক- শিক্ষয়িত্রী, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি তথা অভিভাৱক সকলৰ একত্রিত প্রয়াসে বিদ্যালয় খনক চৰকাৰী বিদ্যালয় হ’লেও এক উচ্চ শিখৰত উপনীত কৰাইছে বুলি চৌদিশে চৰ্চা লাভ কৰিছে।
মন কৰিবলগীয়া যে এইখন বিদ্যালয়ত পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও ক্ৰীড়া, সংস্কৃতি, সাহিত্য আদিৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল, ক্ৰিকেট, কাবাডীকে ধৰি বিভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে সাহিত্য, সংস্কৃতি আদি দিশৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ‘অকুৰ’ অবিৰতভাৱে বছৰ বছৰ ধৰি প্ৰকাশ পাই আহিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে নিজ সন্তানক পিএমশ্রী ঘগ্রাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দি এজন সু শিক্ষিত মানুহ হিচাবে গঢ় দিয়াৰ সপোন ৰচিছে। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে কিদৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব সেইয়াও এতিয়া এক চিন্তাৰ কাৰণ হৈ পৰিছে। স্থানীয় ৰাইজে বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণে শিক্ষক নিযুক্তিৰ বাবে দাবী উত্থাপন কৰিছে।
বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰি অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো আশা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে-উত্তৰ পূৰ্বাঞ্চল আন্তঃ গাঠনি উন্নয়ন আচঁনিৰ অধীনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা দুমহলীয়া অত্যাধুনিক বিদ্যালয় ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিছে।
যোৱা ২ ফেব্ৰুৱাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিক ভাৱে বিদ্যালয় খনৰ শুভ উদ্বোধন কৰিছিল। ইফালে বিদ্যালয় খনত নতুনকৈ অন্তৰ্ভুক্ত হৈছে বিজ্ঞান শাখাৰ। শিক্ষা বিভাগে বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰিছে। ফলত এই বৰ্ষতে আৰম্ভ হ’ব বিজ্ঞান শিক্ষাৰ।
নিয়মীয়া বাৰ্তা, ঘগ্রাপাৰ, ২০ মাৰ্চ