নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ডিচেম্বৰৰ পৰা খুচুৰা ডিজিটেল মুদ্রা মুকলি কৰা হ’বঃ আৰবিআই

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: পাইলট আধাৰত অহা ১ ডিচেম্বৰৰ পৰা খুচুৰা ডিজিটেল মুদ্রা মুকলি কৰা হ’ব বুলি আজি ভাৰতীয় ৰিজার্ভ বেংক, চমুকৈ আৰ বি আয়ে ঘোষণা কৰিছে৷ পর্যায় ভিত্তিত পৰীক্ষণৰ বাবে ৮টা বেংক চিনাক্ত কৰি এই বেংককেইটাত ১ ডিচেম্বৰৰ পৰা ডিজিটেল মুদ্রা মুকলি কৰিব আৰ বি আয়ে৷ ম’বাইল ফোনৰ ডিজিটেল ৱালেটৰ জৰিয়তে কিম্বা আন সঁজুলিৰ দ্বাৰা খুচুৰা ডিজিটেল মুদ্রাৰ লেনদেন কৰা হ’ব৷ যিসকলক বেংকৰ দ্বাৰা এই ডিজিটেল ৱালেট যোগান ধৰা হ’ব সেইসকলেহে এই পাইলট আধাৰত ডিজিটেল মুদ্রা ব্যৱহাৰ কৰিব পাৰিব৷ প্রথম পর্যায়ত ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক, য়েছ বেংক আৰু আই ডি এফ চিয়ে দেশৰ চাৰিখন চহৰত এই খুচুৰা ডিজিটেল মুদ্রা প্রচলন কৰিব৷ পিছলৈ বেংক অৱ বৰোদা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এইচ ডি এফ চি বেংক আৰু কোটাক মহিন্দ্র বেংকে এই সেৱা আৰম্ভ কৰিব৷ মুম্বাই, নতুন দিল্লী, বাংগালুৰু আৰু ভুবনেশ্বৰত প্রথম পর্যায়ত আৰম্ভ হোৱাৰ পিছত দ্বিতীয় পর্যায়ত আহমেদাবাদ, গেংটক, গুৱাহাটী, হায়দৰাবাদ, ইন্দোৰ, কোচি, লক্ষ্ণৌ, পাটনা আৰু ছিমলাত আৰম্ভ হ’ব৷

You might also like