নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত চাঞ্চল্য: ১০ বছৰীয়া ছাত্রীক ব্লেকমেইলিঙেৰে পাঁচ সহপাঠীৰ দলবদ্ধ ধর্ষণ

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: হায়দৰাবাদত ১০ বছৰীয়া ছাত্রীক পাঁচ সহপাঠীয়ে দলবদ্ধ ধর্ষণ কৰি তাৰ ভিডি’ ৰেকর্ডিঙেৰে ব্লেকমেইলিং কৰি কেইবাবাৰো দলবদ্ধ ধর্ষণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা আগষ্ট মাহত হায়দৰাবাদত হায়াথনগৰ আৰক্ষী থানাৰ অন্তর্গত বিদ্যালয় এখনত পাঁচ সহপাঠীয়ে ছাত্রী এজনীক দলবদ্ধ ধর্ষণ কৰি ভিডি’ ৰেকর্ডিং কৰে৷ এই ঘটনাটো কাকো নক’বলৈ ভাবুকি দি পাঁচ সহপাঠীয়ে পুনৰ ব্লেকমেইলিং কৰি ছাত্রীজনীক দলবদ্ধ ধর্ষণ কৰে৷ পিছলৈ পাঁচ পিশাচে ভিডি’টো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ছাত্রীজনীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে এই ঘটনাত জড়িত পাঁচ সহপাঠীক পকছো আইনৰ অধীনত গ্রেপ্তাৰ কৰি শিশু হোৱাৰ বাবে পিশাচকেইটাক শিশু অপৰাধী গৃহলৈ প্রেৰণ কৰিছে৷

You might also like