নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১–২২ত ইউপিআই লেনদেন ৮৩ লাখ কোটি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিগত দুই বছৰত ইউপিআই লেনদেন ব্যৱস্থা দ্রুতগতিত বৃদ্ধি পাইছে৷ ২০২১–২২ বিত্তীয় বর্ষত ইউপিআইৰ জৰিয়তে লেনদেনে ৮৩ লাখ কোটি টকা অতিক্রম কৰিছে৷ মহামাৰী ক’ভিড–১৯ৰ সময়ত নগদ ধনৰ অভাৱ ঘটাৰ বাবে ইউপিআই ব্যৱস্থাৰে লেনদেন প্রক্রিয়া দেশত দ্রুত গতিত বৃদ্ধি পাইছে৷ নগদ ধনৰ অভাৱ আৰু নগদ আদায়ৰ ক্ষেত্রত অসুবিধাৰ পৰিপ্রেক্ষিতত দেশত জনপ্রিয় হৈ পৰা ইউপিআই ব্যৱস্থাৰ জৰিয়তে ২০২১–২২ বিত্তীয় বর্ষত ৮৩.৪ লাখ কোটি টকা লেনদেন হোৱা বুলি নেচনেল পেমেণ্টছ কর্প’ৰেচন অৱ ইণ্ডিয়া, চমুকৈ এনপিচিআয়ে এই তথ্য প্রকাশ কৰিছে৷ উল্লেখ্য যে এনপিচিআয়ে প্রকাশ কৰা তথ্য মতে, বিত্তীয় বর্ষ প্রাৰম্ভৰ মাহ এপ্রিলত ২৬০ কোটি লেনদেন হৈছিল আৰু ইয়াৰ মূল্য আছিল ৪.৯৩ লাখ কোটি টকা৷ পিছলৈ এই লেনদেনৰ পৰিমাণ ৬০ শতাংশ বৃদ্ধি পায়৷

You might also like