নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ গইনা লৈ খোৱাপানীৰ দাম বৃদ্ধি

গুৱাহাটী পৌৰ নিগমৰ বিনা অনুমতিত বৰিঙেৰে অবৈধ বেহা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী আন্দোলনৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মহানাগৰিকক মাধমাৰ শোধাইছে ৷ কেৱল চাউল–দাইল, কণী, পাচলি আৰু অন্যান্য সামগ্রীয়েই নহয়, এইবাৰ খোৱাপানীৰ ক্ষেত্রতো ব্যৱসায়ীসকলে আন্দোলনৰ সুযোগ গ্রহণ কৰি গ্রাহকক লুণ্ঠন চলাইছে ৷

মহানগৰীত নিশাৰ ভাগত বলৱৎ কৰা সান্ধ্য আইনৰ লগতে পেট্র’ল–ডিজেলৰ কৃত্রিম নাটনিৰ অজুহাত দেখুৱাই অসাধু ব্যৱসায়ীসকলে প্রতিখন পানীৰ বাহন (ভান)ত ১৫০ টকাৰ পৰা ২০০ টকা পর্যন্ত বৃদ্ধি কৰিছে৷ বিশেষকৈ মহানগৰীৰ ভঙাগড়, কাহিলিপাৰা, নৰকাসুৰ, দক্ষিণগাঁও, লালগণেশ, লখৰা, বশিষ্ঠ, খানাপাৰা, ছয়মাইল, পাঞ্জাবাৰী, বতাহঘুলি, নাৰেংগী, নুনমাটি, সাতগাঁও, পাথৰকুৱেৰী, বামুণীমৈদাম, ভৱানীপুৰ, নিজৰাপাৰ আদি অঞ্চলত অসাধু ব্যৱসায়ীসকলে বিগত প্রায় এসপ্তাহ ধৰি ৭০০ লিটাৰ পানীত গ্রাহকৰ পৰা ৩০০–৩৫০ টকা সংগ্রহ কৰিছে৷ একেদৰে এজাহাৰ লিটাৰ পানীৰ বাবদ ব্যৱসায়ীসকলে গ্রাহকৰ পৰা ৬০০–৮০০ টকা সংগ্রহ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে আন্দোলনৰ পূর্বে ব্যৱসায়ীসকলে ৭০০ লিটাৰ পানীৰ বাবদ ২০০–২৫০ টকা আৰু এহেজাৰ লিটাৰ পানী ৩০০–৪০০ টকাত বিক্রী কৰিছিল ৷ অৱশ্যে ঠাই বিশেষে পানীৰ দাম কিছু কম–বেছি আছিল ৷ কিন্তু ‘কা’বিৰোধী আন্দোলনৰ পিছতেই ব্যৱসায়ীসকলে খোৱাপানীৰ নামত গ্রাহকক মাধমাৰ শোধাইছে ৷ উল্লেখ্য যে বন্ধৰ সময়ছোৱাত পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া পানী যোগানৰ বাবে মহানগৰীৰ বহু পৰিয়ালে পানী ক্রয় কৰি চলিবলগীয়া হৈছে ৷

ইপিনে বেইলিকে ধৰি প্রায়বোৰ (বটলিং) প্রতিষ্ঠানৰ পানীৰ দামো পূর্বৰ তুলনাত বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ প্রাপ্ত খবৰ মতে বেইলিৰ ২০ লিটাৰ পানী পূর্বে ৫০–৫৫ টকাত বিক্রী কৰিছিল যদিও এতিয়া ২০ লিটাৰ পানী ৬০–৬৫ টকাত বিক্রী কৰা দেখা গৈছে ৷ মন কৰিবলগীয়া এই যে বহু অসাধু ব্যৱসায়ীয়ে জি এম চিৰ বিনা অনুমতিত যধে–মধে বৰিং কৰি মহানগৰীত ৰমৰমীয়া পানীৰ ব্যৱসায় চলাই আছে ৷ লক্ষণীয়ভাৱে পৌৰ নিগমে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা নাই ৷

You might also like