নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰী বিভাগৰ পদক্ষেপ; দহ হাজাৰ হেণ্ড ছেনিটাইজাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ সমগ্র বিশ্বৰ লগতে ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীতো৷ ইয়াৰ মাজতে ৰাইজৰ মাজত সজাগ আৰু সচেতনতাৰ প্রয়াস অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগৰ লগতে আবকাৰী বিভাগে৷ আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নির্দেশৰ পিছতে বিভাগটোৰ বিষয়া–কর্মচাৰীসক মহানগৰীৰ বিভিন্ন প্রান্তত বিনামূলীয়াকৈ বিতৰণ কৰিছে ছেনিটাইজাৰৰ বটল৷ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নির্দেশমর্মে জনসম্পর্কৰক্ষী বিষয়া শৈলেন্দ্র পাণ্ডেই মহানগৰীৰ সংবাদ প্রতিষ্ঠানসমূহত ছেনিটাইজাৰৰ বটল বিতৰন কৰাৰ লগতে কর্তব্যৰত যান–বাহন আৰক্ষী আৰু চাফাই কর্মীসকলৰ মাজত বিতৰণ কৰে৷ শনিবাৰে জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে ‘নিউজ লাইভ’ৰ কার্যালয়ত বিতৰণ কৰে ৮০ টাকৈ ছেনিটাইজাৰৰ বটল৷

উল্লেখ্য যে এইপর্যন্ত আবকাৰী বিভাগে গুৱাহাটীত প্রায় ১০,০০০ ছেনিটাইজাৰ বিতৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে শৈলেন্দ্র পাণ্ডেই৷ পৰৱর্তী সময়ত এই প্রয়াস অব্যাহত ৰাখিব বুলি মন্তব্য কৰে জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে৷

You might also like