নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মদক্ষ মহিলাক এএআইৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালকৰ সম্বর্ধনা

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ যোৱা ৮ মার্চত ত্রিপুৰাৰ আগৰতলাস্থিত মহাৰাজা বীৰ বিক্রম বিমান বন্দৰত আন্তর্জাতিক নাৰী দিৱসৰ দিনা আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণ (এএআই)ৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কেইবাগৰাকী কর্মদক্ষ মহিলাক সম্বর্ধনা জনায়৷ সম্বর্ধিত মহিলাকেইগৰাকী হ’ল ক্রমে বায়ু যাতায়াত নিয়ন্ত্রক তথা এয়াৰ ট্রেফিক কণ্ড্র’লাৰ (এটিচি) এম এছ বিপাশা, এল এলিনা চানু, হিমাদ্রী দাস, আৰ চৰিতাৰ৷ গুৱাহাটীৰ পৰা যোৱা কুৰিগৰাকীৰো অধিক সাংবাদিককে ধৰি প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ জনসম্পর্ক বিভাগৰ প্রবন্ধক ইন্দ্রমোহন কুমাৰকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে৷

You might also like