কামাখ্যা ৰে’ল ষ্টেচনত নাই সুৰক্ষাৰ সু–ব্যৱস্থা
উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষৰ হেমাহিত যাত্রীৰ নিৰাপত্তালৈ ভাবুকি
নিয়মীয়া বাৰ্তা, ৭ মার্চঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যাতায়াত ব্যৱস্থাৰ অন্যতম প্রাণকেন্দ্র হ’ল গুৱাহাটী ষ্টেচন আৰু কামাখ্যা ৰে’লৱে ষ্টেচন৷ দৈনিক হাজাৰ হাজাৰ যাত্রীয়ে এই দুয়োটা ৰে’লৱে ষ্টেচনৰ পৰা ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানলৈ অহা–যোৱা কৰি আহিছে৷ কিন্তু উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু হেমাহিৰ বাবে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ সমান্তৰালকৈ কামাখ্যা ৰে’লৱে ষ্টেচনটোতো নাই পর্যাপ্ত সুৰক্ষা ব্যৱস্থা৷ এন এফ ৰে’লৱে কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে প্রতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা কামাখ্যা ৰে’লৱে ষ্টেচনৰ সুৰক্ষাৰ প্রতি তীব্র ভাবুকি সৃষ্টি হৈছে৷ প্রতিষ্ঠা কালৰে পৰা আজিলৈকে এন এফ ৰে’লৱে কর্তৃপক্ষই ৰে’লৱে ষ্টেচনৰ যাত্রীৰ সুৰক্ষাৰ বাবে জিআৰপি, আৰপিএফ আৰু অর্ধসামৰিক বাহিনীৰ কেইজনমান জোৱানক লৈ সুৰক্ষাৰ দিশটো চোৱাচিতা কৰি আহিছে৷ তথ্য প্রযুক্তিৰ একবিংশ শতিকাৰ এই যুগতো কামাখ্যা ৰে’লৱে ষ্টেচনত আজিপর্যন্ত সংস্থাপিত নহ’ল স্কেনাৰ মেচিন৷ কামাখ্যা ৰে’লৱে ষ্টেচনত সংস্থাপিত ৫৯টা সক্রিয় চি চি টিভি কেমেৰাই অপৰাধমূলক কার্যকলাপ আৰু সন্দেহজনক যাত্রীক নিৰীক্ষণ কৰি আহিছে৷ তাৎপর্যপূর্ণ বিষয়টো হ’ল যে এই চি চি টিভি কেমেৰাকেইটা সংস্থাপিত কৰিলেও মাত্র তিনি দিনলৈকেহে চি চি কেমেৰাৰ ফুটেজ সংৰক্ষিত হৈ থাকে৷ শেহতীয়াকৈ গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীয়ে তালাচীৰ নামত এগৰাকী যাত্রীৰ পৰা এক কিলোগ্রাম সোণ ডকাইতি কৰা ঘটনাৰ পিছতেই পোহৰলৈ আহিছে গুৱাহাটী আৰু কামাখ্যা ষ্টেচনৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ৷ তথ্য অনুসৰি, গুৱাহাটী ষ্টেচনত বর্তমান ২৫টা চি চি টিভি কেমেৰা আছে যদিও ইয়াৰে মাত্র ২১টাহে সক্রিয় হৈ আছে৷ বিগত দুটা বছৰ ধৰি গুৱাহাটী ষ্টেচনত নাই লাগেজ স্কেনাৰ মেচিন৷ ৰে’ল বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, গুৱাহাটী ষ্টেচনত ১২০টা চি চি টিভি কেমেৰাৰ প্রয়োজন৷ প্রতিদিনে হাজাৰ হাজাৰ যাত্রীৰ সমাগম হোৱা এই গুৱাহাটী ষ্টেচনত লাগেজ স্কেনাৰ মেচিন, পর্যাপ্ত চি চি কেমেৰা নথকাৰ সুযোগ লৈ চুৰি–ডকাইতিত জড়িত অপৰাধী চক্রৰ লগতে একাংশ অসাধু ৰে’লৱে আৰক্ষী বিষয়া–কনিষ্টবলে ডকাইতিৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে৷ গুৱাহাটীৰ দুটাকৈ গুৰুত্বপূর্ণ ষ্টেচনত থকা চি চি কেমেৰাৰ ফুটেজ কি কাৰণে তিনি দিনৰ বাবেহে সংৰক্ষিত হৈ থাকে, সেয়াও ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে৷ বিভাগীয় বিষয়াই ছফ্টৱেৰ আপগ্রেডেচনৰ বাবে চি চি টিভি কেমেৰাত তিনি দিনৰ বাবেহে ফুটেজ সংৰক্ষণ হৈ থাকে বুলি কৈ দায়িত্ব সামৰিব বিচাৰিছে৷ কিন্তু এন এফ ৰে’লৱে কর্তৃপক্ষই ইয়াৰ তদন্ত কৰিলেই সকলো ৰহস্য পোহৰলৈ আহিব৷ প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটী আৰু কামাখ্যা ষ্টেচনত চি চি টিভি কেমেৰা সংস্থাপনৰ দায়িত্বত আছে দিল্লীৰ ছ’লাৰ এণ্টাৰপ্রাইজ নামৰ এটা প্রতিষ্ঠান৷ ইয়াৰ উপৰি এন এফ ৰে’লৱে কর্তৃপক্ষৰ হেমাহিৰ বাবে বিগত দুটা বছৰে গুৱাহাটী ষ্টেচনত লাগেজ স্কেনাৰ মেচিন নোহোৱাকৈয়ে চলি অহাৰ লগতে কামাখ্য ষ্টেচনত আজিলৈকে সংস্থাপিত কৰিব নোৱাৰিলে লাগেজ স্কেনাৰ মেচিন ৷