নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত পাইপ স্থাপনৰ নামত বনাঞ্চল ধ্বংসযজ্ঞ গেইলৰ

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: যি সময়ত ৰাজ্য চৰকাৰে প্রাকৃতিক ভাৰসাম্য ধৰি ৰখাৰ বাবে অভিলাষী আঁচনি গ্রহণ কৰি সামাজিক বনানীকৰণ কৰি আছে, তেনে সময়ত ৰাজ্যৰ বিভিন্ন প্রান্তত অব্যাহত আছে বনাঞ্চল ধ্বংসযজ্ঞ৷ শেহতীয়াভাৱে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত পাইপ স্থাপনৰ নামত গেইল নামৰ প্রতিষ্ঠান এটাই বনাঞ্চল ধ্বংসযজ্ঞ চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ মতে, পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত চন্দ্রপুৰ খণ্ড বন বিষয়া কার্যালয় এলেকাত কিছুদিন ধৰি অবাধ গতিত বনাঞ্চল ধ্বংসযজ্ঞ চলি আহিছে৷ জানিব পৰা মতে, চন্দ্রপুৰ খণ্ড বন বিষয়াৰ কার্যালয়ৰ পৰা মাত্র এক কিলোমিটাৰমান দূৰত্বত এই বনাঞ্চল ধ্বংসযজ্ঞ চলি আছে৷ প্রাপ্ত তথ্য মতে. গেইল নামৰ প্রতিষ্ঠানটোৱে পাইপ স্থাপনৰ নামত অঞ্চলটোৰ পাহাৰ খনন চলোৱাৰ লগতে বহু মূল্যৱান গছ–গছনি কাটি তহিলং কৰিছে৷ বিশেষকৈ এ পি চি ডি চিয়ে কেইবা বছৰ পূর্বে ৰোপণ কৰা ৰবৰ গছবোৰ কাটি তহিলং কৰি পাহাৰ খনন চলাই পাইপ স্থাপন কৰিছে৷ অভিযোগ মতে, এ পি চি ডি চিৰ প্রায় ৫০ডাল ৰবৰ গছৰ লগতে অন্যান্য গছ কাটি পেলোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইপিনে ৰাজ্য চৰকাৰে ৰবৰ খেতি কৰি নিবনুৱা যুৱক–যুৱতীসকলক্ স্বাৱলম্বী কৰাত অধিক গুৰুত্ব প্রদান কৰি থকাৰ সময়তে গেইলে জধে–মধে ৰবৰ গছসমূহ কাটি পেলোৱাত অঞ্চলটোৰ দল–সংগঠনৰ মাজতো প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, আৰু দুই–এদিনৰ ভিতৰত এ পি চি ডি চিৰ অধীনস্থ আনখন ৰবৰ বাগানৰ গছ কটাৰ যো–জা চলাই আছে গেইল প্রতিষ্ঠানটোৱে৷ দিনে–ৰাতি এখন জেচিবি আৰু এখন ফকলেনৰ সহায়ত এই ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে৷

You might also like