নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত বিতর্কত ৰ’নাল্ডো

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: উৰুগুৱেৰ বিৰুদ্ধে খেলা মেচখনত গ’ল দিয়াক লৈ বিতর্কত জড়িত হৈ পৰে ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ মেচখনৰ ৫৪ মিনিটত অগ্রগতি লাভ কৰে পর্তুগালে৷ ব্রুনো ফার্নাণ্ডেজৰ ক্রছত মূৰেৰে স্পর্শ কৰি তেওঁ গ’ল দিয়া বুলি দাবী কৰে৷ প্রথমে গ’লটো তেওঁৰ নামত দিলেও পিছত ব্রুনোৰ নামত গ’লটো দিয়ে ফিফাই৷ বক্সৰ বাঁওফালৰ পৰা গ’ললৈ লক্ষ্য কৰি শ্বট লৈছিল ব্রুনোৱে৷ কিন্তু ৰ’নাল্ডোৰ মূৰৰ একেবাৰে ওচৰেৰে গৈ বলটো নেটত পৰে৷ গ’ল হোৱাৰ পিছতে স্বভাৱসিদ্ধ ভংগীত উল্লাস আৰম্ভ কৰে ৰ’নাল্ডোৱে৷ দুহাত তুলি সমর্থকক অভিবাদনো জনায়৷ প্রথমে তেওঁৰ নামতেই গ’লটো দিয়া হয়৷ কিন্তু বাৰে বাৰে ৰি–প্লে চোৱাৰ পিছত দেখা যায় যে বলটো তেওঁৰ মূৰৰ ওচৰেৰেহে গৈছিল৷ ভালদৰে লক্ষ্য কৰিলে দেখা যায় ৰ’নাল্ডোৰ মূৰত বলে স্পর্শ কৰা নাই৷ পিছত গ’লটো ব্রুনোৰ নামত দিয়া হয়৷ কিছু সময় পিছত ঘোষকে ষ্টেডিয়ামত ঘোষণা কৰে যে ফিফাই জনোৱা মতে গ’লদাতা ৰ’নাল্ডো নহয়, ব্রুনোহে৷ ফিফাৰ ৱেবছাইটত ৰ’নাল্ডোৰ সলনি ব্রুনোৰ নামত গ’ল ৰখা হয়৷

You might also like