নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৈৱ–বৈচিত্র্যৰ প্রতি তীব্র ভাবুকিঃ সহস্রাধিকৰ দখলত বিপন্ন গড়ভাঙা বনাঞ্চল

বন বিভাগৰ জৰীপত পোহৰলৈ আহিছে ভয়াৱহ তথ্য

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ বন বিভাগৰ দুর্বলতা আৰু অকর্মণ্যতাৰ সুযোগ লৈ একাংশ লোকে সংৰক্ষিত বনাঞ্চলত অবাধে বেদখল কৰি জৈৱ–বৈচিত্র্যৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে ৷ শেহতীয়াকৈ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গড়ভাঙা সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ লোকে বসবাস কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷

বন বিভাগে চলোৱা জৰীপত এই তথ্য প্রকাশ পোৱাৰ পিছতে বন বিভাগৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ ভিতৰত অন্যতম ১৮৮৬০.৫৮ হেক্টৰ মাটিকালিৰে সামৰি থকা গড়ভাঙা সংৰক্ষিত বনাঞ্চলত সম্প্রতি বেদখল কৰি গাঁও সাজিছে একাংশ লোকে ৷

জৰীপত প্রকাশ পোৱা তথ্য অনুসৰি, গড়ভাঙা বনাঞ্চলৰ ভিতৰত গণেশপুৰত ৪৫ ঘৰ, মইনা খোৰোঙত ৬৪ ঘৰ, লালমাটিৰ গুঁইজানপুৰ ৩৭ ঘৰ, ছাগলপাৰাত ১৭ ঘৰ, নালাপাৰাত ৮ ঘৰ, ছাংপুভেলী একাডেমীত ৯ ঘৰ, সেউজনগৰত ১৮৯ ঘৰ, বেহাৰবাৰী সোণকুছিত ৯০ ঘৰ, শিৱপুৰত ৯২ ঘৰ, খংখোৱাগাঁৱত ১৬২ ঘৰ, লালমাটি লখিমী নগৰত ১০৭ ঘৰ, ইন্দিৰা নগৰত ৫০ ঘৰ, লখৰাকোণাত ১১ ঘৰ লোকে বনাঞ্চল বেদখল কৰি বাসগৃহ নির্মাণ কৰিছে ৷

গড়ভাঙা সংৰক্ষিত বনাঞ্চল বেদখল কৰি কেৱল ঘৰ নির্মাণ কৰাই নহয় বনাঞ্চলৰ ভিতৰলৈ বিদ্যুৎ সংযোগ দিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ৷ বন বিভাগে সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত বিদ্যুৎ সংযোগ কর্তন কৰিবৰ বাবে বিদ্যুৎ বিভাগলৈ পত্র প্রেৰণ কৰিছে যদিও এইক্ষেত্রত বিদ্যুৎ বিভাগে কোনো গুৰুত্ব দিয়া নাই ৷

সংৰক্ষিত বনাঞ্চলখন বেদখল কৰি সহস্রাধিক লোকে বাসগৃহ নির্মাণ কৰাৰ ফলত জৈৱ–বৈচিত্র্যৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে বুলি বন বিভাগৰ শীর্ষ বিষয়াই মত পোষণ কৰিছে ৷

১৮ হাজাৰৰো অধিক মাটিকালিৰে সামৰি থকা গড়ভাঙা সংৰক্ষিত বনাঞ্চলত শাল, গমাৰি, তিতাচপা, ছামকঁঠালকে ধৰি বিভিন্ন প্রজাতিৰ গছ আছে৷ তদুপৰি বৰথেকেৰা, বেল, বগীপমা, কঁঠাল, সোণাৰু, পুজীথেকেৰা, নাহৰকে ধৰি বিভিন্ন প্রজাতিৰ ঔষধি গছ–লতাৰে বনাঞ্চলখন ভৰি আছে৷ সংৰক্ষিত বনাঞ্চলখনত ৩০টাৰো অধিক প্রজাতিৰ অর্কিড, বিভিন্ন প্রজাতিৰ চৰাই, ২৫টাৰো অধিক প্রজাতিৰ পখিলা, হাতী, নাহৰফুটুকী, হলৌ বান্দৰ, বনৰৌ, কেটেলা পহু, শিয়াল, নেউল, সাপ, গুঁইকে ধৰি বহুকেইটা দুষ্প্রাপ্য প্রজাতিৰ বন্যপ্রাণীৰ বিচৰণ স্থলী ৷

গড়ভাঙা সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ লোকে বাসগৃহ নির্মাণ কৰি গাঁও পাতি বসবাস কৰি অহাৰ পিছতো বন বিভাগে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ এয়া মাত্র এটা উদাহৰণহে ৷ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা কেইবাখনো সংৰক্ষিত বনাঞ্চল, আমচাং অভয়াৰণ্য, পক্ষী অভয়াৰণ্য দীপৰ বিলতো বেদখলকাৰীয়ে ভূমি দখল কৰি বসবাস কৰি আছে ৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু বিয়াগোম বন বিভাগে সংৰক্ষিত বনাঞ্চল–ভয়াৰণ্য চলা বেদখল মুক্ত কৰাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like