নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থার্টীফার্ষ্টত ছাগলী মাংসৰ দাম ৬৫০ টকা

গ্রেটাৰ গুৱাহাটী কুৰেছী মীট এছ’চিয়েচনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ বিভিন্ন উৎসৱ–পার্বণৰ লগতে ইংৰাজী নৱবর্ষৰ প্রাক্ক্ষণত এচাম অসাধু ব্যৱসায়ীয়ে বজাৰত কৃত্রিম নাটনি দেখুৱাই মাছ–মাংসকে ধৰি অন্যান্য খাদ্য–সামগ্রীৰ দাম বৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাই আহিছে ৷ প্রতিবছৰৰ দৰে এইবেলিও একাংশ ব্যৱসায়ীয়ে সমাগত ৩১ ডিচেম্বৰৰ সুযোগ গ্রহণ কৰি মহানগৰীত মাছ–মাংসৰ দাম বৃদ্ধি কৰাৰ বাবে সাজু হৈছে ৷ বিশেষকৈ ৩১ ডিচেম্বৰৰ প্রতি লক্ষ্য ৰাখি এইবাৰ মহানগৰীৰ বজাৰত গ্রেটাৰ গুৱাহাটী কুৰেছী মীট এছ’চিয়েচনে প্রতি কিলোগ্রাম ছাগলীৰ মাংস ৬০০ৰ পৰা ৬৫০ টকাত বিক্রী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ এছ’চিয়েচনৰ সম্পাদক মকবুল আহমেদে কয় যে উৎসৱ–পার্বণৰ সময়ছোৱাত বজাৰত ছাগলীৰ নাটনি হয় ৷ বিশেষকৈ ৩১ ডিচেম্বৰৰ পূর্বে ছাগলী মাংসৰ চাহিদা স্বাভাৱিকতে বৃদ্ধি পায় ৷ চাহিদাৰ তুলনাত ছাগলী যোগান কমি যোৱা বাবে মাংসৰ দাম প্রতিবছৰে বৃদ্ধি হয় ৷ গুৱাহাটী পৌৰ নিগমে ভূতনাথৰ ছাগলী বজাৰ সাময়িকভাৱে ব্রহ্মপুত্রৰ পাৰলৈ স্থানান্তৰ কৰা বাবে পূর্বৰ তুলনাত বজাৰত ছাগলীৰ আমদানি হোৱা নাই ৷ সেয়ে মহানগৰীৰ বজাৰত অহা ৩১ ডিচেম্বৰত ছাগলী মাংসৰ দাম প্রতি কিলোগ্রামত ৫০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ অৱশ্যে গ্রাহকসকলে ৬০০ টকাৰ পৰিৱর্তে ৬৫০ টকাত স্পেচিয়েল মাংস পাব বুলি তেওঁ জানিবলৈ দিয়ে ৷ গতিকে সমাগত ৩১ ডিচেম্বৰত গ্রাহকসকলে এইক্ষেত্রত কি স্থিতি গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷ উল্লেখ্য যে ছাগলীৰ সমান্তৰালকৈ অসাধু ব্যৱসায়ীসকলে কুকুৰা আৰু হাঁহৰ মাংসৰ দামো বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ৷

You might also like