নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱাল নির্মাণৰ গাঁতত নৰকংকাল উদ্ধাৰ

হেঙেৰাবাৰীৰ লিচুবাগনত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৮মার্চঃ মহানগৰীৰ দিছপুৰ থানাৰ অন্তর্গত হেঙেৰাবাৰীৰ লিচুবাগানত আজি বিয়লিৰ ভাগত এটা নৰকংকাল উদ্ধাৰ হোৱাক কেন্দ্র কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ বিশ্ব বিশ্বাস নামৰ এজন লোকে অলপতে লিচুবাগনৰ নিজৰা পথৰ পাহাৰৰ তিলাত ক্রয় কৰা এটুকুৰা পৰিত্যক্ত ভূমিত দেৱাল নির্মাণৰ বাবে গাঁত খান্দি থকাৰ সময়তে নৰকংকালটো উদ্ধাৰ হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, আজি বিয়লি প্রায় ৫.৫০ বজাত ভূমিডোখৰত দেৱাল নির্মাণৰ বাবে বিশ্বাসে কামত লগোৱা শ্রমিকে গাঁত খান্দি থকাৰ সময়তে প্রায় দুই ফুট মাটিৰ তলত এটা নৰকংকাল উদ্ধাৰ হয়৷ কংকালটো উদ্ধাৰ হোৱাৰ পিছতেই ঘটনাস্থলীত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ শ্রমিককেইজনে ঘটনা সন্দর্ভত ভূমিৰ গৰাকীক অৱগত কৰাত তেওঁ দিছপুৰ আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূর্বেই স্থানীয় লোকে কংকালটো প্রত্যক্ষ কৰিবলৈ ভিৰ কৰে৷ সুদীর্ঘ এঘণ্টাৰ পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ কংকালটো উদ্ধাৰ কৰি দিছপুৰ থানালৈ নিয়ে৷ এই সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ বিপৰীতে নৰকংকালটো কাহিলিপাৰাস্থিত ফৰেনচিক লেবৰেট’ৰীলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে৷ অৱশ্যে প্রাথমিক তদন্তত শ্রমিকে উদ্ধাৰ কৰা নৰকংকালটো সন্দর্ভত সবিশেষ তথ্য পোহৰলৈ অহা নাই বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷ উল্লেখ্য যে পৰিত্যক্ত ভূমিডোখৰৰ গাঁতে লাগি থকা এটা বাসগৃহৰ গৰাকী আৰিফ হুছেইনে অলপতে ভূমিডোখৰ বিশ্ব বিশ্বাস নামৰ লোকজনৰ ওচৰত বিক্রী কৰিছিল৷ পৰিত্যক্ত এই ভূমিডোখৰত নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

You might also like