পল্টনবজাৰৰ পদপথত অবৈধ ব্যৱসায়; নির্বিকাৰ গুৱাহাটী পৌৰ নিগম–আৰক্ষী
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ মহানগৰীৰ পদপথত গঢ় লৈ উঠা অবৈধ ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সময়তে পল্টনবজাৰৰ মূল পথৰ দুয়োকাষে গঢ়ি উঠা অবৈধ ব্যৱসায়িক প্রতিষ্ঠানে বিনষ্ট কৰিছে পৰিৱেশ৷ উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক কেন্দ্রস্বৰূপ পল্টনবজাৰৰ এ টি ৰোড, জি এছ ৰোড আৰু এম ই ৰোডৰ লগতে নেপালী মন্দিৰ আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনৰ চৌপাশে জধে–মধে গঢ়ি উঠা অবৈধ ব্যৱসায়িক প্রতিষ্ঠানে পথচাৰীৰ যাতায়াতৰ ক্ষেত্রত ব্যাঘাত জন্মাইছে৷ একাংশ অসাধু লোকে মূল পথৰ লগতে পদপথ বেদখল কৰি কাপোৰ আৰু অন্যান্য সামগ্রী বিক্রী কৰাৰ লগতে পথৰ দাঁতিত গঢ়ি উঠিছে বহু অবৈধ ফাষ্টফুড আৰু ভাতৰ হোটেল৷ পদপথ বেদখল কৰি ব্যৱসায় চলোৱাৰ পিছতো কমিছনৰ অংকত পল্টনবজাৰ আৰক্ষীয়ে এনে দোকান–পোহাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পদপথ দখল কৰি ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ মইমতালিৰ বাবে মহিলা, জ্যেষ্ঠ নাগৰিক আৰু শিশুৰ লগতে সর্বসাধাৰণ লোকে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিছে৷ একেদৰে পল্টনবজাৰত পথৰ দাঁতিত গঢ়ি উঠা যান–বাহনৰ অবৈধ পার্কিঙে পথছোৱাত সঘনাই ব্যাপক যান–জঁটৰ সৃষ্টি কৰিছে৷ পল্টনবজাৰৰ পৰা শ্বিলং, নগাঁও আৰু অন্যান্য ঠাইলৈ যোৱা বহু বাণিজ্যিক বাহন পল্টনবজাৰ থানাৰ নিচেই কাষতে মূল পথত দীর্ঘ সময় ধৰি ৰখাই যাত্রী উঠোৱা–নমোৱা কৰাৰ পিছতো এইসকল চালক তথা বাণিজ্যিক বাহনৰ কর্মচাৰীৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিছে৷ ইপিনে, নিশা হ’লেই একাংশ উদণ্ড যুৱকে এ টি ৰোড, নেপালী মন্দিৰ আৰু বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ড্রাগ্ছ–সুৰা সেৱন কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰা বুলি স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিছে৷ তদুপৰি নিশাৰ ভাগত বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ৰহস্যময়ী যুৱক–যুৱতীয়ে টিঘিলঘিলাই থকাৰ পিছতো আৰক্ষীয়ে নীৰৱ দর্শকৰ ভূমিকা পালন কৰি আহিছে৷ সেয়েহে অবৈধ দোকান–পোহাৰৰ লগতে অবৈধ পার্কিং আৰু ড্রাগ্ছ তথা সুৰা সেৱন কৰি পৰিৱেশ বিনষ্ট কৰা উদণ্ড যুৱকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী প্রশাসন আৰু পৌৰ নিগমক আহ্বান জনাইছে সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই৷