নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰীৰ ৱেভছ স্পাত চলিছে অসামাজিক কার্যকলাপ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ গুৱাহাটী পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে একাংশ অসাধু লোকে স্পা–চেলুনৰ ব্যৱসায় চলাই আহিছে৷ মহানগৰীৰ বিভিন্ন স্থানত চলাই থকা স্পা–চেলুনত এই লোকসকলে দীর্ঘদিন ধৰি অসামাজিক কার্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কালি নিশা উলুবাৰীৰ বৰা ছার্ভিচৰ উমা আভা কমপ্লেক্সত থকা ৱেভছ এণ্ড জ’ৱেন নামৰ স্পা চেলুনখনত মহিলাই পুৰুষক বডী মাছাজ দিয়াক কেন্দ্র কৰি এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ এই ঘটনা সন্দর্ভত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি পৌৰ নিগমে পল্টনবজাৰ আৰক্ষীৰ সহযোগত ৱেভছ এণ্ড জ’ৱেন স্পা চেলুনত অভিযান চলায়৷ অভিযানত পার্লাৰখনৰ পৰা বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷ এই স্পাখনৰ স্বত্বাধিকাৰী বাণীপ্রকাশ দাসে স্পাখনত অসামাজিক কার্যকলাপ চলি অহাৰ কথা স্বীকাৰ কৰিছে৷ জিএমচিৰ দলটোৱে আজি মেছার্ছ তৃপ্তি চেলুন এণ্ড হেয়াৰ স্পা, মেছার্ছ দ্য মিৰাকল স্পা চেলুন, মেছার্ছ ৰিলেকছন স্পা চেলুন, মেছার্ছ কিউটজেড আৰু গিল্টিজেড স্পাত অভিযান চলায়৷ অভিযানকাৰী দলটোৱে তিনিখন ইউনিছেক্স স্পা–চেলুনে পৌৰ নিগমৰ অনুজ্ঞা–পত্র অবিহনে ব্যৱসায় চলাই অহাৰ কথা ধৰা পেলায়৷ জিএমচিৰ নীতি–নির্দেশনা উলংঘা কৰাৰ অভিযোগত এই স্পা–চেলুনকেইখনক দুই লাখ টকাৰ জৰিমনা বিহে৷

You might also like