নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ বি আইৰ ৰেপ’ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি: গৃহ ঋণ, গাড়ীৰ ঋণৰ ইএমআই পাব বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ দেশৰ অর্থনীতিৰ বাবে উদ্বিগ্ন মুদ্রাস্ফীতি নিয়ন্ত্রণৰ লক্ষ্যৰে ভাৰতীয় ৰিজার্ভ বেংকে আজি ৰেপ’ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰিলে৷ ক্রমাগত তৃতীয়বাৰৰ বাবে আৰ বি আয়ে ৰেপ’ৰেট বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ছয়জনীয়া মুদ্রা নীতি কমিটী (এম পি চি)য়ে  শুকুৰবাৰে ৰেপ’ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্তত সর্বসন্মতিক্রমে অনুমোদন জনায়৷ ইয়াৰ পূর্বে আৰ বি আই নেতৃত্বাধীন মুদ্রা নীতি কমিটীয়ে যোৱা মে’ মাহত ৪০ বেছিছ পইণ্ট আৰু জুন মাহত ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰিছিল৷

কালি আৰ বি আয়ে ৰেপ’ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ লগে লগে ৰেপ’ৰেট ৫.৪০ শতাংশলৈ বৃদ্ধি পালে৷ আৰ বি আয়ে ৰেপ’ৰেট বৃদ্ধি কৰাৰ ফলত গৃহ, গাড়ীকে ধৰি বিভিন্ন ঋণৰ ই এম আই বৃদ্ধি পাব৷ অর্থাৎ গাড়ী, গৃহৰ ঋণ ব্যয়বহুল হৈ উঠিব৷

মন কৰিবলগীয়া যে গ্রাহকৰ ব্যক্তিগত ঋণৰ ই এম আয়ো বৃদ্ধি পাব৷ উদাহৰণ হিচাপে তথ্য দাঙি ধৰিলে চলিত বর্ষৰ এপ্রিল মাহৰ পূর্বে যিসকলে গৃহ ঋণ লৈছে, তেওঁলোকৰ সুদৰ হাৰ বর্তমানৰ ৬.৫–৭ শতাংশৰ পৰা বৃদ্ধি হৈ ৮ শতাংশ হ’ব৷ যদি কোনো গ্রাহকে ৭ শতাংশত ৩০ লাখ টকাৰ লোন ২০ বছৰৰ বাবে লৈছিল, তেতিয়াহ’লে তেনে গ্রাহকৰ ই এম আই বর্তমানৰ ২৩,২৫৯ টকাৰ পৰা ২৫,৮৪৫ টকালৈ বৃদ্ধি পাব৷ ৰিয়েল ইষ্টেট বজাৰতো আৰ বি আয়ে বৃদ্ধি কৰা ৰেপ’ৰেটৰ প্রভাৱ পৰিব৷ নির্মাণ খণ্ডত ব্যৱহূত কেঁচা সামগ্রীৰ মূল্যবৃদ্ধি হোৱাৰ লগতে আৰ বি আইৰ ৰেপ’ৰেট বৃদ্ধিয়ে ৰিয়েল ইষ্টেটৰ বজাৰখনত প্রভাৱ পৰিব৷ অর্থাৎ গৃহ ক্রয় কৰোঁতাসকলে পূর্বতকৈ অধিক ধন ব্যয় কৰিব লাগিব৷

You might also like