পাণ্ডু টেম্প’ল ঘাটৰ তিনিদিনীয়া দৌল মহোৎসৱৰ সামৰণি
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ গুৱাহাটীৰ পাণ্ডু টেম্প’ল ঘাটৰ প্রভাত পথত জাগৰণ বহুমুখী উন্নয়ন সমিতিৰ উদ্যোগত ৮ মার্চৰ পৰা অনুষ্ঠিত চতুর্থ বার্ষিক দৌল মহোৎসৱৰ মঙলবাৰে সন্ধিয়া সামৰণি পৰে৷ ৮ মার্চৰ দিনা পুৱা চাফাই অভিযানেৰে তিনিদিনীয়া দৌল মহোৎসৱৰ কার্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছত সন্ধিয়া দৌলযাত্রা, আতচবাজী গোহাঁই স্থাপন, সমূহীয়া বন্তি প্রজ্বলন আয়তীৰ নাম–প্রসংগ, নিশা হোলীকা দাহ পর্ব আৰু প্রসাদ বিতৰণ কৰা হয়৷ ৯ মার্চৰ দিনা পুৱা ধর্মধ্বজা উত্তোলন কৰে সমাজকর্মী হৰেন চন্দ্র দাসে৷ তাৰ পিছত ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ দিনৰ ১০ বজাৰ পৰা বিয়লি ২ বজালৈ বৰপেটা আৰু গোৱালপাৰাৰ আমন্ত্রিত দলে হোলী গীত পৰিৱেশন কৰে৷ নিশা ৮ বজাৰ পৰা নাগাৰা নাম অনুষ্ঠিত হয়৷ আনহাতে, মঙলবাৰে তৃতীয় তথা শেহৰ দিনা দুপৰীয়া গোসাঁই ফুৰোৱা কার্যসূচী অনুষ্ঠিত হয়৷ তাৰ পিছত বিয়লি ৪ বজাত পাণ্ডু টেম্প’লঘাটৰ পৰা পাণ্ডু বৰবজাৰত থকা গ্রাম্য দেৱতা মন্দিৰলৈ ‘গোসাঁইৰ গৃহ গমন’ শীর্ষক এক বিশাল শোভাযাত্রা উলিওৱা হয়৷ শোভাযাত্রাত জাগৰণ বহুমুখী উন্নয়ন সমিতিৰ সভাপতি দিপুল ডেকা, সম্পাদক অমৃতলাল মণ্ডল কোষাধ্যক্ষ বিকাশ দাসকে ধৰি কেইবাগৰাকী কর্মকর্তা দৌল মহোৎসৱ উদ্যাপন সমিতিৰ সভানেত্রী তুলসী বর্মন, সম্পাদিকা মঞ্জু দাসকে ধৰি কেইবাগৰাকী কর্মকর্তাসহিতে অঞ্চলটোৰ পুৰুষ–মহিলা নির্বিশেষে পাঁচ শতাধিক লোকে ভাগ লয়৷ সন্ধিয়া গ্রাম্য দেৱতা মন্দিৰৰ পৰা পুনৰ ওভতনি যাত্রাৰে এইবেলি দৌল মহোৎসৱৰ সামৰণি মৰা হয়৷