নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰিকাকত বিতৰকক পৰিচয়পত্র দিব প্রেছ ক্লাৱে

 নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ ৰোধৰ বাবে পুনৰ গুৱাহাটীত অহা দেওবাৰৰ মাজনিশাৰ পৰা ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰে৷ লকডাউনৰ সময়ছোৱাত গুৱাহাটীত বাতৰিকাকত বিলোৱা হকাৰসকলক অস্থায়ী পৰিচয়–পত্র প্রদান কৰিছে গুৱাহাটী প্রেছ ক্লাবে৷ হকাৰসকলে যাতে গুৱাহাটীবাসীক কোনো অসুবিধা নোহোৱাকৈ দৈনিক বাতৰিকাকত যোগান ধৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি অস্থায়ীভাৱে এই পৰিচয়–পত্র প্রদান কৰিছে৷ লক্ষণীয় যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে প্রথম পর্যায়ত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত বাতৰিকাকতৰ হকাৰসকল আৰক্ষীৰ অত্যাচাৰৰ বলি হ’ব লগা হোৱা ঘটনাও সংঘটিত হৈছিল৷

সেয়েহে গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাক ২৮ জুনৰ পৰা হ’ব লগা লকডাউনৰ সময়ছোৱাত গুৱাহাটী প্রেছ ক্লাবে হকাৰসকলক প্রদান কৰা অস্থায়ী পৰিচয়–পত্র গ্রাহ্য কৰিবলৈ স্মাৰক–পত্র প্রদান কৰে৷ লকডাউনৰ সময়ছোৱাত হকাৰসকলক সুকলমে বাতৰিকাকত বিলাবলৈ অনুমতি দিবলৈও গুৱাহাটী প্রেছ ক্লাবে জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তক আহ্বান জনায়৷

You might also like