নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ক্রয় কৰিব পাৰিব সামগ্রী

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ গুৱাহাটী মহানগৰীত সম্পূর্ণভাৱে অহা দেওবাৰে মাজনিশাৰ পৰা ১৪ দিনীয়াভাৱে লকডাউন ঘোষণা কৰাৰ পাছত অসম চৰকাৰে ইতিপূর্বে লকডাউন ঘোষণা কৰা কেবাটাও ৱার্ডত দুদিনৰ বাবে লকডাউন কিছু শিথিল কৰিছে৷ অসম চৰকাৰৰ মুখ্য সচিবৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে ইতিমধ্যে লকডাউন ঘোষণা কৰা ৱার্ডসমূহত পৰা দুদিনৰ বাবে লকডাউন শিথিল কৰিছে৷

সেই অনুসৰি পুৱা ৮ বজাৰ পৰা চাৰি বজালৈ উক্ত দুদিনত অত্যাৱশ্যকীয় সামগ্রী আৰু অন্যান্য বজাৰ–সমাৰ কৰিবলৈ জিলা প্রশাসনে অনুমতি দিছে৷ যিহেতু দেওবাৰে বিয়লি মাজনিশাৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীত সম্পূর্ণভাৱে লকডাউন ঘোষণা কৰা হৈছে৷ সেয়েহে উক্ত ৱার্ডসমূহৰ বাসিন্দাসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ নির্দেশমর্মে প্রশাসনে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে দুদিনৰ বাবে লকডাউন শিথিল কৰিলেও উক্ত ৱার্ডৰ বাসিন্দাসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ক’ৰোনা ভাইৰাছ সংক্রমণৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে ঘোষণা কৰা যাৱতীয় নির্দেশনা মানি চলাটো বাঞ্চনীয়৷

You might also like