নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলুমুখত অতিৰিক্ত বোজা কঢ়িওৱা ১৫খন ট্রাক জব্দ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ মহানগৰীত যান–বাহন উলংঘা কৰি ৰাজপথত চলাচল কৰা বাহনৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে ১১ মার্চৰ নিশাও এক বৃহৎ অভিযান চলায়৷ পৰিবহণ বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাৰ নেতৃত্বত ভৰলুমুখত জিলাখনৰ যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক, সহঃপ্রৱর্তক পৰিদর্শক আৰু প্রৱর্তক চেকাৰসকলে আৰক্ষীৰ সহযোগত চলোৱা অভিযানত পৰিবহণ বিভাগ আৰু উচ্চতম ন্যায়ালয়ৰ নির্দেশনা উলংঘা কৰি অতিৰিক্ত বোজা কঢ়িওৱা পৰিবহণ বিভাগৰ প্রাপ্য কৰ আদায় নিদিয়াকে ধৰি বিভিন্ন যান–বাহন আইন উলংঘা কৰা ১৫খন বিভিন্ন শ্রেণীৰ ট্রাক জব্দ কৰা হয়৷ জব্দ কৰা অধিকাংশ ট্রাকে বালি কঢ়িয়াই আনিছিল৷ জিলাখনত পঞ্জীয়নভুক্ত সকলো শ্রেণীৰ যান–বাহনৰ গৰাকীকে অহা ৩১ মার্চৰ পূর্বে পথ কৰকে ধৰি বিভাগৰ প্রাপ্য যাৱতীয় কৰ আদায় দিবলৈ আহ্বান জনাইছে৷

You might also like