নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩০ চনতো সম্পূর্ণ নহয় পানী যোগান আঁচনি

বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত চৰকাৰে গ্রহণ কৰা পানী যোগান আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বুজ লৈ উদ্বিগ্নতা প্রকাশ কৰিছে বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চই ৷ চৰকাৰ–প্রশাসনে সংবাদ মাধ্যমত সময়ে সময়ে পানী যোগান আঁচনিসমূহৰ কাম দ্রুতগতিত চলি থকাৰ কথা সদৰী কৰি শীঘ্রে মহানগৰবাসীক পানী যোগান ধৰা হ’ব বুলি আশ্বাস দি আহিছে যদিও সেয়া বিশ্বাসত ল’ব পৰা নাই মঞ্চই ৷ যদিহে পানী যোগানৰ কাম এইদৰে চলি থাকে, তেন্তে ২০৩০ চনতো মহানগৰবাসীয়ে পানী পাবলৈ সক্ষম নহ’ব ৷ বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চৰ বিষয়ববীয়াসকলে এই কথা সদৰী কৰি মহানগৰবাসীক এইক্ষেত্রত আগবাঢ়ি অহাৰ আহ্বান জনাইছে ৷ মঞ্চৰ সম্পাদক হৰিশ চন্দ্র নাথে কয় যে ২০০৯ চনৰ পৰা চৰকাৰে উত্তৰ গুৱাহাটী, মধ্য গুৱাহাটী, দক্ষিণ–পশ্চিম আৰু দক্ষিণ–পূব পানী যোগান আঁচনিৰ কাম হাতত লৈছিল ৷

অসম চৰকাৰৰ পানী যোগানৰ আঁচনি নথকাত বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী এলেকা সামৰি ২০১৬ চনত দক্ষিণ–পূব আঁচনিখন আৰম্ভ কৰে যদিও আজিও এই আঁচনিখন চালুকীয়া অৱস্থাত আছে ৷ এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে পুঁজি যোগান ধৰা এই আঁচনিখন কার্যকৰী কৰাৰ বাবে ‘অসম আৰবান ইনফ্রাষ্ট্রাকচাৰ ইনভেষ্টমেণ্ট প্র’গ্রেম’ নামৰ কাৰিকৰী সংস্থাক দায়িত্ব অর্পণ কৰে ৷ সেই মতে কাম চলি আছিল যদিও চৰকাৰে ধন মোকলাই নিদিয়া বাবে আঁচনিৰ কাম লেহেম গতিত আগবাঢ়িছে ৷ আঁচনিখনৰ নির্মাণ কৰিবলগীয়া চাৰিটা ৱাটাৰ ৰিজার্ভাৰৰ এতিয়ালৈ এটাৰো কাম সম্পূর্ণ হোৱা নাই ৷ গতিকে কি যুক্তিত চৰকাৰে শীঘ্রে মহানগৰবাসীক পানী যোগান ধৰাৰ আশ্বাস দিয়ে, সেয়া এক সাঁথৰ ৷ সেয়েহে এই আঁচনিখনৰ কাম দ্রুতগতিত সম্পন্ন কৰাৰ প্রতি লক্ষ্য ৰাখি মঞ্চই অহা ১৯ জানুৱাৰীত পাঞ্জাবাৰীৰ মেট্র’পলিটান ছোৱালী হাইস্কুলত এখন ৰাজহুৱা সভা আহ্বান কৰিছে ৷ উক্ত সভাত বৃহত্তৰ এলেকাৰ প্রতিখন উন্নয়ন সমিতি, মছজিদ সমিতি, নাৰী–যুৱ সংগঠন আৰু নামঘৰ সমিতিকে ধৰি সকলো স্থানীয় অৰাজনৈতিক সংগঠনে অংশ ল’ব ৷ এই সভাতে পানী যোগান আঁচনিখনৰ কাম শীঘ্রে সম্পন্ন কৰাৰ বাবে স্বাক্ষৰ অভিযান চলাই ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ স্মাৰক–পত্র প্রেৰণ কৰিব বুলি মঞ্চৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷

You might also like