নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দহ দিনত ১১,১৪৫ আক্রান্তঃ ৭১গৰাকীৰ মৃত্যু

ক’ভিড প্রট’কল উলংঘাঃ মহানগৰীত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণৰ আশংকা

নিয়মীয়া বাৰ্তা ২ মেঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে সমগ্র দেশত ত্রাস সৃষ্টি কৰিছে৷ বিভিন্ন ৰাজ্যৰ লগতে অসমতো দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত ক’ৰোনা মহামাৰীৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ গুৱাহাটী মহানগৰ জিলা ক’ৰোনাৰ হটস্পটত পৰিণত হৈছে৷ বিগত দহ দিনত কামৰূপ মহানগনহ জিলাত ১১,১৪৫গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লগতে ৭১গৰাকী লোকৰ প্রাণ কাঢ়িছে মহামাৰী ক’ৰোনাই৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি যোৱা ২১ এপ্রিলৰ পৰা ৩০ এপ্রিল পর্যন্ত মহানগৰীত ক’ৰোনাৰ আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷

প্রাপ্ত তথ্য অনুসৰি যোৱা ২২ এপ্রিলত মহানগৰীত ক’ৰোনাত আক্রান্ত হৈ তিনিজন লোকৰ মৃত্যু হৈছে৷ একেদৰে ২৩ এপ্রিলত ৫জন, ২৪ এপ্রিলত তিনিজন, ২৫ এপ্রিলত ৮জন, ২৬ এপ্রিলত ৮জন, ২৭ এপ্রিলত ৫জন, ২৮ এপ্রিলত ৬জন, ২৯ এপ্রিলত ১৫জন, ৩০ এপ্রিলত ৮জন আৰু আজিৰ দিনটোত মহানগৰীত ৯জন লোকৰ মৃত্যু হয়৷ ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে নৈশ সান্ধ্য আইন জাৰি কৰিছে যদিও মহানগৰীত একাংশ লোকে সান্ধ্য আইন উলংঘা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ক’ৰোনা মহামাৰীৰ সংক্রমণে ভয়ৱহ ৰূপ ধাৰণ কৰাৰ পাছতো সজাগ হোৱা নাই মহানগৰবাসী৷ মুঠতে মহামাৰীৰ সংক্রমণ ৰোধৰ প্রতি চৰকাৰ প্রশাসনে সচেতনতা অৱলম্বন কৰিবলৈ মহানগৰবাসীক আহ্বান জনোৱাৰ পাছতো যদি স্থানীয় বাসিন্দা সজাগ নহয়, তেন্তে মহানগৰীত ক’ৰোনাই দিল্লী–মহাৰাষ্ট্রৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকাই দেখা দিয়াৰ সম্ভাৱনা আছে৷

You might also like