নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডে প্রাণ কাঢ়িলে কণ্ঠশিল্পী পাৰবিন পৰীৰ

নিয়মীয়া বাৰ্তা ২ মেঃ ৰাজ্যত কাল ক’ৰোনাই অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ ফলত প্রাণ হেৰুৱাইছে ইজনৰ পাছত সিজন শিল্পীয়ে৷ ক’ভিডৰ কবলত পৰি জনপ্রিয় কণ্ঠশিল্পী ভিতালী দাস আৰু ড০ বিজয়লক্ষ্মী দাসে প্রাণ হেৰুওৱাৰ পাছত আজি আন এগৰাকী যুৱ শিল্পাৰো মৃত্যু হয়৷ ক’ভিডত আক্রান্ত হৈ আজি পুৱা মৃত্যুমুখত পৰা শিল্পীগৰাকী হৈছে পাৰবিন পৰী৷ তেওঁৰ বয়স ৩২ বছৰ৷ কেইবাটাও জনপ্রিয় গীতেৰে অসমীয়া সংগীত জগতত পৰিচিত হৈ পৰা পাৰবিন পৰীয়ে শেহতীয়া বিহুৰ সময়ছোৱাত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছিল৷ মহানগৰীৰ ধীৰেনপাৰা নিৱাসী পাৰবিন পৰীয়ে কিছুদিন পূর্বে অসুস্থ অনুভৱ কৰাত ক’ভিড পৰীক্ষা কৰায়৷ ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত যোৱা ২৮ এপ্রিলত তেওঁ উত্তৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি হয়৷ কিন্তু তাৰ পাছতো শিল্পীগৰাকীৰ অৱস্থা ক্রমাৎ অধিক বেয়াৰ দিশলৈ ঢ়াল খায়৷ আজি পুৱা চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত এটি কণমানি সন্তান তেওঁ এৰি থৈ যায়৷ উল্লেখ্য যে দুদিন পূর্বে তেওঁৰ পিতৃ চান্দ মহম্মদ আলীৰো ক’ভিড সংক্রমিত হৈ মৃত্যু হৈছিল৷ যুৱ শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ সংগীত জগতত শোকৰ ছাঁ পেলাইছে৷
মুখ্যমন্ত্রীৰ শোক প্রকাশ
শিল্পী পাৰবিন পৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত পাৰবিন পৰীয়ে আমাৰ সাংস্কৃতিক জগতলৈ যি সেৱা আগবঢ়াই গ’ল, সেয়া সকলোৱে শ্রদ্ধাৰে স্মৰণ কৰিব৷ এইগৰাকী শিল্পীৰ বিয়োগ আমাৰ সমাজ তথা সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি৷ মুখ্যমন্ত্রীয়ে প্রয়াত পাৰবিন পৰীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

You might also like