নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫, ৩০ মার্চ আৰু ২ এপ্রিলত প্রার্থীৰ নির্বাচনী ব্যয়ৰ নথি পৰীক্ষা

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ  সমাগত বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা কামৰূপ মহানগৰ জিলাৰ প্রতিগৰাকী প্রার্থীৰ নির্বাচনী ব্যয়ৰ হিচাপ বহী, নথি–পত্র, ৰচিদ আদি পৰীক্ষাৰ বাবে ২৫ মার্চ, ৩০ মার্চ আৰু ২ এপ্রিল তিনিটা দিন ধার্য কৰা হৈছে৷ ভাৰতৰ নির্বাচন আয়োগে কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ বাবে নিয়োগ কৰা দুগৰাকী ব্যয় পর্যবেক্ষক ক্রমে ৰজনীৰাণী ৰয় আৰু চঞ্চল মিনাই সংশ্লিষ্ট সমষ্টিৰ নির্বাচনীৰ ব্যয়ৰ হিচাপ–নিকাচসমূহ পৰীক্ষা কৰিব৷

জিলাখনৰ চাৰিওটা সমষ্টিৰ সকলো প্রার্থীৰ নির্বাচনী ব্যয় পৰীক্ষাৰ বাবে নির্ধাৰণ কৰা স্থান হ’ল– গুৱাহাটীৰ খানাপাৰাস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ৰ গ্রাউণ্ড ফ্ল’ৰত থকা হোষ্টেলৰ লঞ্জ–ফেল’শ্বিপ হল৷ উল্লেখিত তিনিটা দিনত প্রার্থীসকলে নিজৰ নিজৰ নির্বাচনী ব্যয়ৰ হিচাপ বহী, ৰচিদ আদি নির্ধাৰিত স্থানত সংশ্লিষ্ট ব্যয় পর্যবেক্ষকৰ জৰিয়তে পৰীক্ষা কৰাব লাগিব৷ উল্লেখ্য যে ব্যয় পর্যবেক্ষক ৰজনীৰাণী ৰয়ে ৫১নং জালুকবাৰী আৰু ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ প্রার্থীসকলৰ নির্বাচনী ব্যয় পৰীক্ষা কৰাৰ বিপৰীতে ব্যয় পর্যবেক্ষক চঞ্চল মিনাই ৫২নং দিছপুৰ আৰু ৫৩নং পূব গুৱাহাটী সমষ্টিৰ প্রার্থীসকলৰ নির্বাচনী ব্যয় পৰীক্ষা কৰিব৷

You might also like