নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভূঁইকঁপঃ ভাগি পৰিল বৰঝাৰৰ ৰামকৃষ্ণ সেৱাশ্রমৰ মুকুট

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰা ২৮ এপ্রিলত পুৱাৰ ভাগত অহা ৰিখটাৰ স্কেলত ৬.৪ কম্পনাংকৰ ভূমিকম্পৰ ফলত গুৱাহাটীৰ পশ্চিম প্রান্তৰ বৰঝাৰ বিমানবন্দৰ আৱাসিক এলেকাত থকা ৰামকৃষ্ণ সেৱাশ্রম চৌহদৰ ভিতৰত থকা মন্দিৰটোৰ বিস্তৰ ক্ষতি হয়৷ ভূমিকম্পৰ জোকাৰণিত মন্দিৰৰ মুকুটটোৰ এটা অংশ প্রচণ্ড শব্দ কৰি ভাগি পৰে৷ সৌভাগ্যক্রমে সেই সময়ত সেৱাশ্রমৰ কেয়াৰটেকাৰজন ওচৰৰে কাঁহিকুছি বজাৰত কিবা সামগ্রী নিবলৈ অহা বাবে একো হানি–বিঘিনি নহ’ল৷

অৱশ্যে সেৱাশ্রমৰ মন্দিৰটোৰ মুকুট ভাগি পৰা ঘটনাৰ বাহিৰে বৰঝাৰ বিমানবন্দৰকে ধৰি আৱাসিক এলেকাৰ কোনোধৰণৰ বিশেষ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে৷ ভূমিকম্প হৈ যোৱাৰ পিছতেই দায়িত্ববাহী বিষয়া–ভিযন্তাৰ দলে বিমানবন্দৰৰ ৰানৱে’, এয়াৰ ড্রেফিক কন্ট্র’ল টাৱাৰ, বিমান যাত্রী উঠা–নমা কৰা এলিভেটৰ, এছকেলেটৰ, মূল ভৱন, মালবাহী বিমানত সামগ্রী উঠা–নমা কৰা কার্গ ক্ষেত্র আদি তন্নতন্নকৈ পৰীক্ষা কৰে৷

You might also like