নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ গুৱাহাটী মহানগৰীত বসবাস কৰা একাংশ লোকৰ অসচেনতাৰ বাবে জনসাধাৰণে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ শেহতীয়াকৈ অনিল নগৰ–ৰাজগড় লিংক ৰোডৰ অনিল নগৰৰ ৩নং উপ–পথৰ একাংশ বাসিন্দাই পথটো দখল কৰি অবৈধভাৱে শ্লেব নির্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কৃত্রিম বানত বুৰ গৈ থকা অনিল নগৰ আৰু নবীন নগৰত বসবাস কৰা লোকসকলে নিজৰ সুবিধাৰ বাবে বাসগৃহৰ ভেটি ওখকৈ নির্মাণ কৰিছে৷ ঘৰৰ ভেটিতকৈ অনিল নগৰৰ ৩নং উপ–পথটো তলত থকাত একাংশ অসচেতন লোকে নিজৰ সুবিধাৰ বাবে ঘৰৰ সন্মুখত এঢ়লীয়া শ্লেব নির্মাণ কৰিছে৷ জিএমচিৰ নীতি–নির্দেশনা উলংঘাৰে এঢ়লীয়া শ্লেব নির্মাণ কৰি এই লোকসকলে চাৰিচকীয়া আৰু দুচকীয়া বাহন লৈ যাতায়াতৰ সুবিধা কৰি লৈছে৷ পথ দখল কৰি নলাৰ ওপৰত এনেদৰে অবৈধভাৱে এঢ়লীয়া শ্লেব নির্মাণ কৰাৰ ফলত অঞ্চলটোৰ নলাসমূহ পৰিষ্কাৰ কৰাৰ ক্ষেত্রত পৌৰ নিগমে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে৷ অনিল নগৰৰ ৩নং উপ–পথত নলাৰ ওপৰত এঢ়লীয়া শ্লেব নির্মাণ কৰা লোকসকলৰ বিৰুদ্ধে অনিল নগৰ–ৰাজগড় উন্নয়ন সমিতিয়ে পৌৰ আয়ুক্তক অভিযোগ দাখিল কৰিছে৷ কিন্তু এতিয়ালৈকে পৌৰ নিগম কর্তৃপক্ষই এই লোকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ অনিল নগৰ ২নং উপ–পথত এনেদৰে এঢ়লীয়া শ্লেব নির্মাণ কৰাৰ ফলত পথ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলি অনিল নগৰ–ৰাজগড় উন্নয়ন সমিতিৰ বিষয়ববীয়াই মত পোষণ কৰিছে৷ শীঘ্রে অনিল নগৰ ৩নং উপ–পথত অবৈধভাৱে নির্মাণ কৰা এঢ়লীয়া শ্লেবসমূহ উচ্ছেদ কৰাৰ বাবে পৌৰ নিগমক ব্যৱস্থা গ্রহণ কৰিবলৈ উন্নয়ন সমিতিয়ে আহ্বান জনাইছে৷