নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী আঁচনিৰ কাম শীঘ্রে ৰূপায়ণ কৰাৰ নির্দেশ উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কামৰূপ (ম) জিলাৰ জিলা উন্নয়ন কমিটীৰ জানুৱাৰী মাহৰ সভাখন আজি জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে আলোচনা হয়৷ সভাত জিলাৰ উপায়ুক্ত পেগুৱে বিভাগসমূহৰ উন্নয়নমূলক কাম–কাজসমূহৰ পর্যালোচনা কৰে আৰু আধৰুৱা হৈ থকা আঁচনি বা প্রকল্পৰ কাম–কাজ শীঘ্রে সম্পূর্ণ কৰি তুলিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে৷ উপায়ুক্তগৰাকীয়ে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ উন্নয়নমূলক তথা কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে বিশেষ অগ্রাধিকাৰ প্রদান কৰিব লাগে বুলি সভাত কয়৷ মহানগৰ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দিবাকৰ দলেই এই যোজনাৰ অধীনত চন্দ্রপুৰত ৰূপায়িত হ’বলগীয়া আঁচনিসমূহৰ এক আভাস দাঙি ধৰে৷ জিলা উপায়ুক্ত পেগুৱে কয় যে কৃষি, পশুপালন, মীন, উদ্যোগ আৰু বাণিজ্য, পর্যটন, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন, পঞ্চায়ত আৰু গ্রামোন্নয়ন,বন, দুগ্ধ উন্নয়ন, গডকাপ্ঢানী আদি বিভিন্ন উন্নয়নমূলক বিভাগৰ সহযোগত এই মিছনৰ আঁচনিসমূহ ৰূপায়িত হ’লে অঞ্চলটোৰ আর্থ–সামাজিক দিশত এক উল্লেখনীয় পৰিৱর্তন আহিব৷ এই আঁচনি সন্দর্ভত প্রয়োজনীয় প্রকল্প প্রতিবেদন এতিয়াও যিবিলাক বিভাগে দাখিল কৰা নাই, তেনে সংশ্লিষ্ট বিভাগসমূহক নিজ নিজ বিভাগৰ সম্পূর্ণ প্রকল্প প্রতিবেদন শীঘ্রে দাখিল কৰিবলৈ উপায়ুক্তগৰাকীয়ে সভাত নির্দেশ দিয়ে৷ সভাত কৃষি, উদ্যোগ আৰু বাণিজ্য, সমাজকল্যাণ, জলসিঞ্চন, মীন, হস্ততাঁত বস্ত্রশিল্প, ৰেচম, এ পি ডি চি এল, শিক্ষা, স্বাস্থ্য, ভূমি সংৰক্ষণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গডকাপ্ঢানী (পথ), গডকাপ্ঢানী (গৃহ) আদি বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকলে সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে অৱগত কৰায়৷

You might also like