নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনে ব্রহ্মপুত্রৰ বুকুত সন্ধানহীন কামাখ্যা গেটৰ যুৱক

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ব্রহ্মপুত্রৰ বালিচৰত বনভোজ খাবলৈ গৈ নৈৰ বুকুত কামাখ্যা গেটৰ এজন যুৱক সন্ধানহীন হৈ থকাত অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে কালি বিয়লি কামাখ্যা গেটৰ শিৱ লহকৰ নামৰ যুৱকজনে আন ৬জন বন্ধুৰ সৈতে ব্রহ্মপুত্রৰ বালিচৰত বনভোজ খাবলৈ যায়৷ বনভোজ খাই উভতি আহোঁতে ব্রহ্মপুত্রৰ বুকুত টুলুঙা নাও ডুবি শিৱ লহকৰ নামৰ যুৱকজন সন্ধানহীন হয়৷ এই খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত নদী আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে ব্রহ্মপুত্রৰ বুকুত উদ্ধাৰ অভিযান চলায়৷

অৱশ্যে নিশাৰ ভাগত কুঁৱলী আৰু আন্ধাৰৰ বাবে অভিযানকাৰী দলটোৱে উদ্ধাৰ অভিযান স্থগিত ৰাখে আৰু পুনৰ আজি পুৱা উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ কিন্তু নদী আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযানকাৰী দলটো বাতৰি যুগুত কৰাৰ পৰলৈকে যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷

ইপিনে, লহকৰৰ সৈতে বনভোজ খাবলৈ যোৱা আন ৫জন যুৱকক নদী আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দেওবাৰ হোৱা হেতুকে কালি যুৱকজনে আন কেইবাজনো বন্ধুৰ সৈতে মিলি টুলুঙা নাও লৈ ব্রহ্মপুত্রৰ বুকুৰে আমিনগাঁৱৰ ফালে বনভোজ খাবলৈ গৈছিল৷ বনভোজ খাই উভতি অহাৰ সময়তে নৈৰ মাজত টুলুঙা নাওখন ডুব যোৱাৰ বাবে আটাইকেইজন যুৱক পানীত পৰি যায়৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like